গোলকগঞ্জ, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ ধুবুৰী জিলাৰ গোলকগঞ্জৰ বালাজান অঞ্চলত শনিবাৰে পুৱা উদ্ধাৰ হয় এটি হৰিণা পহু। ৰাইজে হৰিণা পহুটো প্ৰত্যক্ষ কৰি ধুবুৰী বন বিভাগক খবৰ দিয়াত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পহুটো উদ্ধাৰ কৰে। বিটিএডিৰ বাশবাৰী বনাঞ্চলৰ পৰা পহুটো ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে ধুবুৰী বন বিভাগে। উদ্ধাৰ হোৱা হৰিণা পহুটোৰ চিকিৎসা সম্পন্ন কৰি বনাঞ্চলত এৰি দিয়া হব বুলি ধুবুৰী বন বিষয়াই জানিবলৈ দিয়ে। আনহাতে প্ৰতিদিনে লালকুৰা পাহাৰ আৰু বাশবাৰী জংঘলৰ পৰা চোৰাং চিকাৰীয়ে হৰিণা পহু চিকাৰ কৰি অবৈধ ভাৱে মাংস বিক্ৰী কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।