ৰঙিয়া, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ যোৰহাটস্থিত মহিলা বিশ্ববিদ্যালয়খনৰ বিশ্ববিদ্যালয়ৰ মৰ্যদা কৰ্তন কৰি মহিলা কাৰিকৰী উচ্চ শিক্ষা অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিব বিচৰা শিক্ষা বিভাগৰ সিদ্ধান্তত বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ দেখিবলৈ পোৱাৰ পিছত পুনৰ এক শিক্ষা অনুষ্ঠানক লৈ শিক্ষা বিভাগে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে। শিক্ষা বিভাগে ৰঙিয়া চহৰৰ ৩নং ৱাৰ্ডৰ বনগাৱঁত থকা বংশীধৰ চৌধুৰী বড়ো হাইস্কুলখন গুৰকুছিস্থিত ৰঙিয়া বড়ো মাধ্যম হাইস্কুলৰ সৈতে চামিল কৰাৰ বাবে নিৰ্দেশ জাৰি কৰাৰ প্ৰতিবাদত শনিবাৰে কামৰূপ জিলা এবছুয়ে ৰঙিয়াৰ  ছেপ্টীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এবছুয়ে অহা ১১ এপ্ৰিলত ৰঙিয়া চহৰ বন্ধৰ আহ্বানো জনাইছে। উল্লেখ্য যে, বংশীধৰ চৌধুৰী বড়ো হাইস্কুলখনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বিদ্যালয়খনক আন এখন বিদ্যালয়ৰ সৈতে একত্ৰিত  কৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰঙিয়াৰ বনগাৱঁত অৱস্থিত বিদ্যালয়খনত সম্প্ৰতি ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণী লৈ মাত্ৰ ৪০ গৰাকী ছাত্ৰ ছাত্ৰীৰ থকাৰ বাবে অসম চৰকাৰৰ  উচ্চ শিক্ষা আয়ুক্ত তথা সচিবে চিঠি নং- এ এছ ই ৪৮১/২০১৬/৬৬-এ, তাৰিখঃ ২৭-০২-২০১৮ যোগে বিদ্যালয়খনক গুৰুকুছিত অৱস্থিত ৰঙিয়া বড়ো মাধ্যম হাইস্কুলৰ সৈতে চামিলকৰনৰ নিৰ্দেশ জাৰি কৰিছে। চৰকাৰৰ এই সিদ্ধান্তক  ৰাইজৰ লগতে এবছুয়ে বিৰোধিতা কৰাৰ লগতে ৰঙিয়া জিলা বড়ো সাহিত্য সভা, এবছুৰ কামৰূপ জিলা সমিতিয়ে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়৷ সম্প্ৰতি যিখন বিদ্যালয়ৰ সৈতে বংশীধৰ চৌধুৰী বড়ো মাধ্যম হাইস্কুলখন চামিল কৰিব বিচৰা হৈছে সেইখন ৰঙিয়া চহৰৰ পৰা প্ৰায় ৬ কিল’মিটাৰ দূৰৈত অৱস্থিত। এনে পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলে বাট কুৰি বাই বিদ্যালয়খনলৈ পাঠগ্ৰহণৰ বাবে যোৱাটো সম্ভৱপৰ নহয়। এনে ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিয়ে পুনৰ এলানি কাৰ্যসূচী ঘোষণা কৰিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে জিলা এবছুৰ সভাপতি বলো ৰাম বড়ো আৰু  সাধাৰণ সম্পাদক অনাৰু বড’চায়ে। এই কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰঙিয়া মহকুমাৰ সহকাৰী আয়ুক্ত কুমাৰ সুৰজিত বৰা আৰু ৰাজহ চক্ৰ বিষয়া এমিলী বৰুৱাৰ যোগেদি অসমৰ শিক্ষামন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।