গুৱাহাটী, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱা আৰু নাই। শুক্ৰবাৰে নিশা কাহিলিপৰাৰ ভগদত্তপুৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক গৰাকীৰ। মুনিন বৰুৱা এগৰাকী জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ পৰিচালক হিচাবে অসমীয়া সাংস্কৃতিক জগতত এক পৰিচিত নাম। প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, নায়ক, দাগ, ৰামধেনু আদি চলচ্চিত্ৰৰে দৰ্শকৰ মন জয় কৰা পৰিচালক মুনিন বৰুৱাৰ জন্ম হৈছিল ১৯৪৬ চনত। পোনপ্ৰথমে এগৰাকী চিত্ৰনাট্যকাৰ হিচাবে কথাছবি জগতত ভৰি দিয়া মুনিন বৰুৱাই বোৱাৰী, ঘৰ-সংসাৰ, সোণমইনা কথাছবি সমূহৰ চিত্ৰনাট্যকাৰ হিচাবে চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৮৭ চনত অভিনেতা নিপন গোস্বামীৰ সৈতে যুটীয়া ভাবে প্ৰতিমা কথাছবিখন পৰিচালনা কৰি পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰে। পিতা-পুত্ৰ (১৯৮৮), পাহাৰী কন্যা (১৯৯০), প্ৰভাতী পখীৰ গান (১৯৯২) আদি সুস্থ বিনোদনধৰ্মী ছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৷