ফজলুৰ ৰহমান

সোণতলী

২ নৱেম্বৰ

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীত ফান্সৰ ৰাষ্ট্ৰপ্ৰধানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। একাংশ মুছলমান নাগৰিকৰ হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ ফান্সৰ ৰাষ্ট্ৰপ্ৰধানৰ বিৰোধিতা। ফ্ৰান্সৰ উৎপাদিত সকলো সামগ্ৰী বৰ্জনৰ আহ্বান প্ৰতিবাদকাৰী।

ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ ধৰ্মগুৰু হজৰত মহম্মদৰ কাৰ্টুন বিবাদকলৈ মুছলমান ৰাষ্ট্ৰ সমূহে ফ্ৰান্সৰ ৰাষ্ট্ৰপ্ৰধান ইমানুৱেল মাক্ৰনৰ বিৰুদ্ধে ওলাই অহাৰ সময়তে এইবাৰ ইমানুৱেল মাক্ৰনৰ মুছলমান সকলৰ ধৰ্মগুৰু হজৰত মহম্মদৰ আৰু ইছলাম ধৰ্ম সন্দৰ্ভত থকা স্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মুছলমান সমাজে। গৰৈমাৰীত হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ ফান্সৰ ৰাষ্ট্ৰপ্ৰধানৰ বিৰোধিতা কৰি মুছলাম লোক সকলে প্ৰতিবাদ সাব্যস্ত কৰি ইমানুৱেল মাক্ৰনক তীব্ৰ সমালোচনা কৰে। প্ৰতিবাদকাৰী সকলে ফ্ৰান্সৰ উৎপাদিত সকলো ধৰণৰ সামগ্ৰী বৰ্জন কৰাৰো আহ্বান জনায়। বিশ্বৰ কোনো মুছলমানে ফ্ৰান্সৰ ৰাষ্ট্ৰপ্ৰধান গৰাকীৰ কাৰ্য সহ্য নকৰে বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে।

প্ৰতিবাদকাৰী সকলে বিশ্বৰ সকলো মুছলমানক একত্ৰিত হোৱাৰ আহ্বান জনায়। মানুহ সমাজৰ কল্যাণ আৰু শান্তিৰ হকে মুছলমান সকলৰ ধৰ্মগুৰু হজৰত মহম্মদক আল্লাই পৃথিৱীত প্ৰেৰণ কৰা বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে। উল্লেখ্য যে মুছলাম সকলৰ ধৰ্মগুৰু হজৰত মহম্মদৰ কাৰ্টুন অংকন আৰু এই কাৰ্টুন ফন্সৰ ৰাজপথত লগোৱাৰ বাবে সমগ্ৰ বিশ্বৰে মুছলমান ৰাষ্ট্ৰ সমূহৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে ফ্ৰান্সৰ ৰাষ্ট্ৰপ্ৰধান ইমানুৱেল মাক্ৰনৰ বিৰুদ্ধে ওলাই আহিছে।