গোসাইগাওঁ, সংবাদ ৩৬৫, ৭ আগষ্টঃ গোসাইগাৱঁত  বন বিভাগে চলোৱা অভিযানত চোৰাং কাঠ সহ টাটা মোবাইল গাড়ী জব্দ কৰে৷ জব্দকৃত কাঠৰ বজাৰ মূল্য প্ৰায় এক লাখ হব বুলি অনুমান কৰিব পৰা গৈছে৷  সোমবাৰে নিশা গোসাইগাঁও মহকুমাৰ কাশিয়াবাৰী বন বিভাগে এক গোপন সূত্ৰৰ পম খেদি চোৰাং বেপাৰীৰ কাঠ  সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই কাঠ সহ গাড়ীখন জব্দ কৰে৷ অভিযান চলোৱাৰ খবৰ পাই লগে লগে চোৰাং বেপাৰী সকল পলাই পত্ৰং দিয়ে৷ পিছত বনবিভাগে কাঠসহ গাড়ীখনক গোসাইগাঁওস্থিত বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে৷