গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৯ মাৰ্চ: পৰিৱৰ্তনৰ শ্লোগান দি ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বিজেপি চৰকাৰখন এতিয়া কুম্ভকৰ্ণ নিদ্ৰাত। নিৰ্বাচনৰ পূৰ্বে উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া সোণোৱাল চৰকাৰখন উন্নয়নৰস্বৰূপ উদঙাইছে গোৱালপাৰা জিলাৰ খৰমুজাৰ পৰা বৰভিতা পাগলাৰটেগ মন্দিৰলৈ যোৱা পথচোৱা। জয়ন্ত মেধি নামৰ ঠিকাদাৰ এজনক মেৰামতিৰ নিবিদা দিয়া এই পথটো নিৰ্মাণৰ তিনি দিন পিছতে জহি খহি গৈছে। গোৱালপাৰা জিলাৰ স্থানীয় ৰাইজ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পথ চোৱা মেৰামতিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰিছে৷ পথটো নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত গোৱালপাৰাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সজাতি দল এটাই চৰজমিন তদন্তলৈ গৈ দেখিলে দুৰ্নীতিৰ এক বাস্তৱ চিত্ৰ৷ মাত্ৰ তিনি দিন পূৰ্বে মেৰামতি কৰা পথটোৰ ঠায়ে ঠায়ে চপৰা চপৰাকৈ উঠিবলৈ ধৰিছে পকী ৰাস্তাটোৰ পিটছ বোৰ৷ ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ চূড়ান্ত দুৰ্নীতিৰ বাস্তৱ চিত্ৰ দেখাৰ পিছত গোৱালপাৰা জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলাখনৰ উপায়ুক্তৰ ওচৰত পথটো নির্মাণকৰা ঠিকাদাৰজনক ব্লেক লিষ্টেড কৰিবলৈ আৰু দুৰ্নীতিত জড়িত বিষয়া সকলৰ বিৰুদ্ধে বিহিত ব্যবস্তা গ্ৰহণ কৰিবলৈ দাবী জনায়৷