যোৰহাট, সংবাদ ৩৬৫, ২৯ মাৰ্চ: ৰাজপথ আৰু ৰাজহুৱা স্থানত যুৱতী-মহিলাক জোকোৱাৰ আগতে এতিয়া এশবাৰ ভাবক৷ যুৱতী-মহিলাক সুৰক্ষা দিবলৈ এতিয়াৰ পৰা যোৰহাটৰ ৰাজপথত অহৰ্নিশে চকু ৰাখিব এটা বিশেষ স্কোৱাডে৷ ক্ৰমান্বয়ে বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ ঘটনা ৰোধৰ বাবে গুৱাহাটীৰ ‘বীৰাংগণা’ৰ আৰ্হিৰে যোৰহাট আৰক্ষীৰ অনন্য পদক্ষেপ ‘ৰক্ষক’৷ মূলতঃ নাৰী সুৰক্ষাৰ বাবে গঠন কৰা ‘ৰক্ষকে’ ‘এণ্টি ৰোমিঅ’ স্কোৱাড’ হিচাপে সেৱা আগবঢ়াব৷ যোৰহাটত নাৰীক সুৰক্ষা দিবলৈ ‘ৰক্ষক’ৰ দলটোত সম্প্ৰতি  সাতগৰাকী মহিলা কমাণ্ডো নিয়োজিত হৈছে৷ অদূৰ ভৱিষ্যতে এই সংখ্যা বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰিছে যোৰহাট আৰক্ষীয়ে৷ নিৰ্যাতনৰ বলি হ’ব খোজা নাৰীক যিকোনো পৰিস্থিতিতে তাৎক্ষণিকভাৱে সহায় কৰি অপৰাধীক কৰায়ত্ত কৰিবলৈ চোকা নজৰ ৰাখিব মহিলা আৰক্ষীৰ বিশেষ দল ‘ৰক্ষকে’৷ নাৰী নিৰ্যাতন প্ৰতিৰোধ কৰি চৌদিশে বিৰাজ কৰা আতংকময় পৰিৱেশ আঁতৰ কৰাই হ’ব ৰক্ষকৰ প্ৰধান দায়িত্ব৷ তদুপৰি ৰাজপথ আৰু অলি-গলিৰ চ’ক আদিত জীয়ৰী-বোৱাৰীক ব্যতিব্যস্ত কৰা ৰোমিঅ’সকলকো শিকনি দিবলৈও সদাতৎপৰ হৈ থাকিব ‘ৰক্ষক’ বাহিনী৷ ইয়াৰ বাবে এই বিশেষ দলটোক এখন সুবিধাযুক্ত বাহনো দিয়াৰ কথা জনাইছে যোৰহাট আৰক্ষীয়ে৷