গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ১৪ জুনঃ গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যহত থকা অভিযোগ উত্থাপিত থকা সময়তে ডেকধোৱাৰ কাৰখানা বজাৰত ডুবাপৰা বন খণ্ড বিষয়া আৰু আৰক্ষীয়ে এক যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। জব্দ হোৱা চোৰাং কাঠ খিনিৰ মূল্য চাৰি লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে। মেঘালয়ৰ পৰা প্ৰতি দিনে গোৱালপাৰা হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ হাজাৰ হাজাৰ কুণ্ডা চোৰাং কাঠ অবৈধ ভাৱে আহে বুলি অভিযোগ উত্থাপিত হৈছে। গোৱালপাৰা জিলা বনসংমণ্ডল বিষয়াই চোৰাং কাঠ ব্যৱসায়ীৰ লগত মিতিৰালি কৰাৰ ফলত চোৰাং কাঠ ব্যৱসায়ী সকলে অবৈধ ভাৱে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰো অভিযোগ কৰে স্থানীয় কিছুমান ৰাইজে। গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰৰ নদীপথেৰে সঘনাই ৰাজ্যৰ বিভিন্ন জিলালৈ নাৱৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ সৰবৰাহ হয় বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ৰাইজৰ এনে অভিযোগৰ মাজতে ডুবাপৰা খণ্ডবন বিষয়া আশ্রফ আলী আকন্দ আৰু ডুবাপাৰা আৰক্ষীয়ে যৌথ অভিযান চলাই কাৰখানা বজাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয়।