শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ২১ জুনঃ সমগ্ৰ দেশৰ লগতে নাজিৰা মহকুমাতো বিভিন্ন কাৰ্যসূচীৰে নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কার্যলায় ও শিৱসাগৰ জিলা পাতাঞ্জলি যোগ সমিতিৰ সহযোগত ৪ ৰ্থ আন্তজাৰ্তিক যোগ দিৱস নাজিৰাস্থিত ৰোহিতেশ্বৰ শইকীয়া সোঁ‌ৱৰণী ইনড’ ৰ ষ্টেডিয়ামত পালন কৰা হয়। যোগ দিৱসৰ লগত সংহতি ৰাখি অনুষ্ঠানত উপস্থিত ব্যক্তিসকলৰ দ্বাৰা বিভিন্ন ব্যায়াম আৰু যোগ কলা প্ৰদৰ্শন কৰা হয়। চেলেংপথাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অৰুণ কোৱঁ‌ৰৰ পৰিচালনাত অনুস্থিত যোগ দিৱস শিবিৰত উদ্দেশ্য আৰু ইয়াৰ উপকাৰিতা সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় স্থানীয় গুৰুকুল বিদ্যালয়ৰ স্বতাধিকাৰ ৰাজেন আগৰৱালাই। অনুষ্ঠানৰ শেষত যোগশিল্পী আস্থাজিতা বৰাই প্ৰদৰ্শন কৰা যোগ কৌশল আৰু কলাই উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। যোগ দিৱসৰ কাৰ্যসূচীত স্থানীয় ৰাইজৰ লগতে অংশগ্ৰহণ কৰে অতিৰিক্ত উপায়ুক্ত তথা নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপা, মহকুমা আৰক্ষী বিষয়া আনন্দ টকবী, কোষাগাৰ বিষয়া তপনজিত ডেকা, জনস্ংযোগ বিষয়া জয়ন্ত মাউত, পশু চিকিৎসক ডা° জগদীশ বৰ্মণ, প্ৰাক্তন পৌৰপতি আব্দুৰ ৰহমান, সমাজকৰ্মী ডা° প্ৰবীণ কোৱঁ‌ৰ, শিক্ষক অৰুণ কোৱঁ‌ৰ, অধ্যক্ষ গোপাল বৰুৱা, ৰাজেন আগৰৱালা, নাজিৰাৰ জেষ্ঠ নাগৰিকসকল আৰু মহকুমাধিপতি কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে।