গোৱালপাৰা 

৪ নৱেম্বৰ

গোৱালপাৰা জিলাৰ ডাকাইদলত জামিয়া এডুকেচনেল চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন। অতি দৰিদ্ৰ পৰিয়াললৈ পকীঘৰ প্ৰদানৰ উদ্দেশ্যে গৃহ নিৰ্মাণ আঁচনি ট্ৰাষ্টৰ। গোৱালপাৰা জিলাত মুঠ ৬০৫ টা পৰিয়াললৈ ট্ৰাষ্টৰ ফালৰ পৰা আবন্টন দিয়া হ’ব পকীঘৰ।

এটি পকীঘৰ কাৰোবাৰ বাবে সপোন। জীৱনৰ শেষ বয়সলৈকে বহুতে এটি পকী ঘৰৰ সপোন দেখি থাকে যদিও এই সপোন বাস্তৱত ৰূপান্তৰিত কৰিবলৈ সক্ষম নহয়। বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ বাবে এটি পকীঘৰ সাজি নিৰ্মাণ কৰাটো কেতিয়াও বাবস্তলৈ ৰূপান্তৰিত নোহোৱা এক সপোন। চৰকাৰে দৰিদ্ৰ পৰিয়াল লোক সকলৰ বাবে কেইবাটাও আঁচনি গ্ৰহণ কৰিছে যদিও এই আঁচনি সমূহত সংঘটিত হোৱা অনিয়মৰ ফলত বহু দৰিদ্ৰ লোক এই আঁচনি সমূহৰ পৰা বঞ্চিত হৈ থকা দেখিবলৈ পোৱা যায়। যি সময়ত দৰিদ্ৰ লোক সকলৰ নামত অহা আঁচনিৰ ধন ৰাজনৈতিক নেতা-পালিনেতাৰ পকেট গৰম কৰি আছে তেনে সময়তে দৰিদ্ৰ পৰিয়ালৰ লোক সকলৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে দিল্লীৰ এক স্বেচ্ছাসেৱী সংস্থা। জামিয়া এডুকেচনেল চেৰিটেবল ট্ৰাষ্ট নামৰ সংস্থাটোৰ কৰ্মী সকলে গাঁৱে গাঁৱে পৰ্যবেক্ষণ কৰি অতি দৰিদ্ৰ, বিশেষভাৱে সক্ষম আৰু বিধবা সকলক জাতি, ধৰ্ম,বৰ্ণ নিৰ্বিশেষে পকীঘৰৰ আবন্টন দিয়াৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। দৰিদ্ৰ লোকক পকীঘৰ প্ৰদানৰ উদ্দেশ্যে জামিয়া এডুকেচনেল চেৰিটেবল ট্ৰাষ্টৰ উত্তৰ পূৱৰ চিএমডি ছামচুল আলমে বুধবাৰে গোৱালপাৰা জিলাৰ ডাকাইদল সাপ্তাহিক বজাৰৰ কাষত থকা আব্দুল জলিল নামৰ এগৰাকী দৰিদ্ৰ লোকক এটি পকীঘৰ নিৰ্মাণ কৰি দিয়াৰ বাবে পকীঘৰটোৰ আধাৰ শিলা স্থাপন কৰে। জহি খহি পৰা জুপুৰি এটাত দিন অতিবাহিত কৰি এতিয়া জীৱনৰ শেষ বয়সত আব্দুল জলিলৰ পকীঘৰৰ সপোনৰ পূৰণ হোৱাৰ দিশত। নিৰ্বাচনৰ পূৰ্বে সকলোবোৰ ৰাজনৈতিক দলৰ নেতাই আব্দুল জলিলৰ ভোটতো লাভ কৰিবলৈ আব্দুল জলিলে বসবাস কৰা জুপুৰিৰ পদূলিলৈ আহিছিল কিন্তু কোনো এটা ৰাজনৈতিক দলৰ নেতাৰ দৃষ্ঠি গোচৰ হোৱা নিছিল জহি খহি যোৱা আব্দুল জলিলৰ জুপুৰিটো।

অৱশেষত জামিয়া এডুকেচনেল চেৰিটেবল ট্ৰাষ্টৰ চিএমডি ছামচুল আলমৰ তত্বাৱধানত আব্দুল জলিলৰ দৰিদ্ৰ পৰিয়াললৈ আবন্টন দিয়া এটি পকীঘৰৰ আধাৰশিলা স্থাপন কৰি ছামচুল আলমে কয় যে, যি সকল লোক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত আৰু জনপ্ৰতিনিধি সকলৰ পৰা অবহেলিত তেনে লোকক ট্ৰাষ্টৰ ফালৰ পৰা দুটা কোঠালী যুক্ত ঘৰৰ আবন্টন দিয়া হ’ব। গোৱালপাৰা জিলাত ১২৫ টা অতি দৰিদ্ৰ পৰিয়াল, ১২০ গৰাকী বিশেষ ভাৱে সক্ষম লোকক আৰু ২৭০ গৰাকী বিধবা মহিলাসহ মুঠ ৬০৫ টা ঘৰৰ আবন্টন দিয়া হ’ব বুলিও উল্লেখ কৰে জামিয়া এডকাচনাল ট্ৰাষ্টৰ চিএমডি মৌলানা ছামছুল আলমে।