আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৪ নৱেম্বৰ

অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি। খাদ্য সমগ্ৰীৰ বজাৰত জুই। মূল্যবৃদ্ধিকলৈ যোগান মন্ত্ৰীৰ টুলুঙা মন্তব্য। মূল্যবৃদ্ধি ৰোধৰ দাবী আৰু যোগান মন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। ৰাজপথত দাহ কৰিলে মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি।

সমগ্ৰ ৰাজ্যতে এতিয়া ভয়ংকৰ মূল্যবৃদ্ধি। দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ লগতে খাদ্য সমগ্ৰীৰ বজাৰৰ জুয়ে কোঙা কৰিছে সাধাৰণ জনতাক। আলু, পিঁয়াজ, পাচলিৰ হুৰাহুৰ মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি তুলিছে ৰাইজক। ইয়াৰ মাজতে মূল্যবৃদ্ধি প্ৰতিৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা চৰকাৰখনৰ যোগান মন্ত্ৰীৰ অনুসৰি আলু, পিয়াঁজ, পাচলিৰ দাম ফুটপাথৰ দোকানীয়ে বৃদ্ধি কৰিছে। চৰকাৰী দোকানত পিয়াঁজ ৩৫ টকা কেজি বিক্ৰী হৈ থকা বুলি হাস্যকৰ মন্তব্য মন্ত্ৰীৰ।

মূল্যবৃদ্ধি ৰোধ আৰু যোগান মন্ত্ৰীৰ হাস্যকৰ মন্তব্য বিৰুদ্ধে বুধবাৰে শিৱসাগৰ নগৰৰ ব্যস্ততম দলমুখ চাৰিআলিত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে উতলা প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ মূর্দাবাদ, যোগান মন্ত্ৰীৰ কাম নাই, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ প্ৰতমূৰ্তি দাহ কৰে।

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ প্ৰৰিবাদকাৰী সদস্য সকলে
মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা চৰকাৰ খনক তীব্ৰ সমালোচনা কৰি অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা ল’বলৈ দাবী উত্থাপন কৰে। ইফালে খাদ্য সমগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধি সন্দৰ্ভত যোগান মন্ত্ৰীয়ে নিৰ্বাচন সমাগত বাবে বিৰোধী ৰাজনৈতিক দল সমূহৰ আন্দোলন বৃদ্ধি পোৱা মন্তব্যকো তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰী সকলে।