নিউজ ডেস্ক
৪ নৱেম্বৰ

মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক। বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক তেওঁৰ মুম্বাইস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে তেওঁৰ মুম্বাইস্থিত বাসগৃহত উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে। মুম্বাই আৰক্ষীয়ে ২০১৮ চনৰ এক আত্মহত্যাৰ গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে অৰ্নৱ গোস্বামীক। আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ অভিযোগত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ ধাৰাৰ অধীনত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন সাংবাদিক সন্থাই অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক গৰিহণা দিয়াৰ লগতে দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক সমালোচনা কৰিছে। ২০১৮ চনত ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃয়ে আত্মহত্যা কৰি এটা চুইচাইড নোটত ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামীৰ লগতে অন্য দুজন লোকে তেওঁলোকৰ পাবলগীয়া ৫.৪০ কোটি টকা আদায় দিয়া নাছিল ফলত তেওঁলোকে মানসিক চাপত ভুগি আত্মহত্যা কৰিছে বুলি উল্লেখ কৰিছিল। ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইকৰ চুইচাইড নোটৰ ভিত্তিত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অণিল দেশমুখে আৰক্ষীক গোচৰটো তদন্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষীয়ে বুধবাৰে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃৰ আত্মহত্যাৰ পিছতে অৰ্ণৱ গোস্বামীৰ লগতে অন্য তিনিজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল যদিও গোচৰটো অজ্ঞাত কাৰণত বন্ধ কৰি দিয়া হৈছিল। আত্মহত্যা কৰা ইন্টেৰিয়’ৰ ডিজাইনাৰ গৰাকীৰ পৰিয়ালৰ লোকে গোচটোৰ সন্দৰ্ভত নতুনকৈ এক অভিযোগ দাখিল কৰাৰ পিছতে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অণিল দেশমুখে আৰক্ষীক গোচৰটো পুনৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।