গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ৪ এপ্ৰিলঃ গোৱালপাৰা চহৰৰ দূৰ্গামন্দিৰৰ শান্তিপুৰ মাকৰি পথত মঙলবাৰে নিশা দুৰ্বৃত্তৰ গুলীচালনাত এজন লোক গুৰুত্বৰ ভাবে আহত হয়। জানিব পৰা মতে দুখন বাইকত অহা চাৰি দুৰ্বৃত্তই নুৰজামাল মণ্ডল নামৰ এজন লোকৰ ওপৰত গুলীচলন কৰাত লোকজন গুৰুত্বৰ ভাবে আহত হয়। মঙলবাৰে নিশা প্ৰায় ১০ মান বজাত নুৰজামাল মণ্ডল নামৰ লোকজন বাইকেৰে নিজ গৃহলৈ গৈ থকা অৱস্থাত পিচফালৰ পৰা দুখন বাইকত অহা চাৰি দুৰ্বৃত্তই গুলীয়াই পলায়ন কৰে। গুলীবদ্ধ অৱস্থাত পথৰ ওপৰত পৰি থকা দেখি স্থানীয় লোকে মণ্ডলক গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও মণ্ডলৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে মণ্ডলক গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰন কৰে। বৰ্তমান আৰক্ষীয়ে মণ্ডলৰ ওপৰত গুলীচালনা কৰা দুৰ্বৃত্তক বিচাৰি অভিযান অৱ্যাহত ৰাখিছে।