সংবাদ ৩৬৫ ডেস্ক, ৯ জুনঃ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক শুভদীপ ৰয় চৌধুৰীৰ কণমানি কন্যা তৃষাৰ সন্ধান দিওঁতালৈ প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে ৫০ হাজাৰৰ পুৰস্কাৰ ঘোষণা কৰিছে৷ উল্লেখ্য যে, যোৱা ৫ জুনৰ পৰা সন্ধানহীন হৈ আছে ৩ বছৰীয়া তৃষা। তৃষাৰ লগতে ঘৰৰ বনকৰা যুৱতী নেহা বাগতি সন্ধানহীন হৈ থকাত সমগ্ৰ ঘটনাত নেহা জড়িত থকাৰ আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে৷ নেহাই অসম বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা কণমানি তৃষাক অপহৃত কৰাৰ সন্দেহত নেহাৰ ভাতৃ, বন্ধুসহ কেইবাজনকো আৰক্ষীয়ে সোধ-পোছ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে৷ তৃষাৰ অপহৰণৰ পিছত মুক্তিপণ বিচাৰি কোনো ধৰণৰ যোগাযোগ নোহোৱাত সমগ্ৰ ঘটনাই অধিক ৰহস্যৰ সৃষ্টি কৰিছে৷ বিগত চাৰিদিন ধৰি শিলচৰ আৰক্ষীয়ে অপহৃত কণমানি তৃষা ৰয় চৌধুৰী আৰু নেহা বাগতিৰ কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰাত ব্যৰ্থ হোৱাত শিলচৰত উপস্থিত হৈছে এডিজিপি মুকেশ আগৰৱালাই। ইতিমধ্যে মুকেশ আগৰৱালাই তৃষাৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে৷ এডিজিপি গৰাকীৰ নেতৃত্বত শিলচৰ আৰক্ষীয়ে তৃষাক উদ্ধাৰ কৰিবলৈ সক্ষম হ’বনে, সেয়া সময়তহে দেখা যাব৷