কংগ্ৰেছ মুক্ত হ’বনে উত্তৰ-পূৰ্বাঞ্চল

মেঘালয়, ৯ জুনঃ ২০১৮ ত মেঘালয়ত বিধানসভা নিৰ্বাচন৷ নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে সিমানে ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ কৰ্মীসকলক একত্ৰিত কৰি দলক শক্তিশালী কৰাত ব্যস্ত। কিন্তু ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে বৰ্তমান দেশৰ আটাইতকৈ শক্তিশালী দল বিজেপিৰ ক্ষেত্ৰত। কিছুদিন পূৰ্বে গো-মাংস নিষিদ্ধৰ প্ৰতিবাদত বিজেপিৰ দুই শীর্ষ নেতাই পদত্যাগ কৰাৰ পিছত এইবাৰ দল ত্যাগ কৰিলে পাঁচ হেজাৰৰো অধিক নেতা-কৰ্মীয়ে। বিজেপি কৰ্মীসকলৰ মতে তেওঁলোকে নিজৰ সংস্কৃতি আৰু মেঘালয়ত বসবাস কৰা বাসিন্দাৰ আবেগৰ লগত কোনোধৰণৰ আপোচ নকৰে। পদত্যাগ কৰা কৰ্মীসকলৰ ভিতৰত অন্যতম হ’ল তুৰা বিজেপি যুৱ সমিতিৰ সভাপতি উইলভাৰ গ্ৰেহাম ডাংগু। কেন্দ্ৰিয় চৰকাৰে  শেহতীয়াকৈ গো-মাংস নিষিদ্ধ কৰাৰ নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত মেঘালয়ত তীব্ৰ অসন্তোষ্টিৰ সৃষ্টি হৈছে। গো-মাংসক লৈ বৰ্তমান মেঘালয়ত বিজেপি কৰ্মীসকলৰ মাজত দেখা দিয়া দল ত্যাগৰ প্ৰৱণতাই দলটোৰ বাবে আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক অশুভ সংকেত দিছে। কংগ্ৰেছ মুক্ত উত্তৰ-পূবৰ বাবে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন কৰা নেডাই মেঘালয়ত বিজেপিৰ এই সহনীয়তা কিদৰে ৰোধ কৰে সেইয়া সময়তহে লক্ষ্যণীয় হ’ব। বিজেপিৰ কংগ্ৰেছ মুক্ত উত্তৰ-পূবৰ সপোন কিমান দূৰ সফল হ’ব ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব ২০১৮ত মেঘালয়ত হ’ব লগা বিধানসভা নিৰ্বাচনৰ ফলাফললৈ।