লংকা, ৯ জুনঃ হোজাইৰ পদুমণি জাতীয় বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক এম আহমেদে ছাত্ৰ-ছাত্ৰীক আত্মকেন্দ্ৰীক হ’বলৈ আহ্বান জনায়। তেওঁ ভাষণ প্ৰসংগত কয় যে, কেৱল নম্বৰ পোৱা মানেই প্ৰতিভা থকা নুবুজায়, নম্বৰে সফলতা কঢ়িয়াই আনিব নোৱাৰে। বিদ্যালয়খনৰ অধ্যক্ষ মিচবা উদ্দিনে আঁত ধৰা অনুষ্ঠানটোত শিক্ষাবিদ তফজুল ইছলাম, ছাদিকুজ জামান, নজৰুল ইছলাম, জিয়া উদ্দিন, সাংবাদিক হিফজুৰ ৰহমানকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ দিয়ে। সভাত বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰায় অৰ্ধ শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক গামোচা, মানপত্ৰ আৰু কলমেৰে সম্বর্ধনা জনোৱা হয়।