কামপুৰ, ৩ চেপ্টেম্বৰঃ নগাওঁ জিলাৰ কঠিয়াতলিৰ ৰেংবেংত পুৱা গৰুৰ হাড়, মূৰ আৰু ঠেং বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, ৰেংবেংৰ এটা মন্দিৰলৈ যোৱাৰ পথত স্থানীয় লোকে দুটা বস্তাৰ ভিতৰত  গৰুৰ হাড়, মূৰ আৰু ঠেং প্ৰত্যক্ষ কৰাত অঞ্চলটোত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। স্থানীয় লোকে এয়া দুষ্কৃতিকাৰীৰ অপকৰ্ম বুলি সন্দেহ প্ৰকাশ কৰে। উত্তেজিত স্থানীয় লোকৰ বস্তা দুটা আঁতৰাবলৈ যোৱা আৰক্ষী জোৱানৰ লগত হতাহতি হয়। ক্ষুন্ন লোকে ৰাষ্ট্রীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অৱশেষত নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিং ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।