গুৱাহাটী, ২ ছেপ্টেম্বৰঃ শান্তি-সম্প্ৰতিৰ মহান বাণীৰে সমগ্ৰ দেশৰ লগতে অসমটো পবিত্র ঈদ-উজ-জোহা পালন কৰা হয়। ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত সম্প্ৰীতিৰ এনাজৰি অটুত ৰখাৰ আহ্বান জনাই দেশৰ বিভিন্ন প্ৰান্তত থকা ঈদগাহ পথাৰত পুৱা ইছলাম ধমাৱলম্বী লোকসকলে ঈদৰ নামাজ পঢ়ে। ঈদ উপলক্ষে ইজনে সিজনক ঈদৰ শুভেচ্ছা জনায়৷ অসমতো বিভিন্ন ঈদগাহ পথাৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰ ঈদ-উল-আজহা উপলক্ষে সমূহীয়া ঈদৰ নামাজৰ শেষত দোৱা কৰে।

সোণতলীত শান্তিপূৰ্ণ ভাৱে ঈদৰ নামাজ সম্পন্ন 

সোণতলীঃ সমগ্ৰ ৰাজ্যত লগতে দক্ষিণ কামৰূপৰ সোণতলীত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰ ঈদ-উজ-জোহাৰ সমূহীয়া নামাজ আদায় কৰে৷ বৃহত্তৰ সোণতলীৰ সৰ্ব্ববৃহৎ তথা পুৰণি ঈদগাহ হিচাবে পৰিচিত মাহতলী বজাৰ ঈদগাহত সমূহীয়া নামাজ আদায় কৰাৰ উদ্দেশ্যে পুৱাৰে পৰা সেলেসুতি, ছমৰীয়াপাম, টাঙনমাৰী, মোল্লাৰপাম, চৌধুৰীপাম, মাহতলী, ৰৌমাৰী, চাউৰদিয়া, পুৰাণগাওঁ, চিতলমাৰী, সোণতলী সত্ৰ, পথালীপাৰা অঞ্চলৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয়৷ ঈদগাহত পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা সমূহীয়া নামাজৰ ইমামতি কৰে মাহতলী বজাৰ জামে মছজিদৰ ইমান হাফিজক্বাৰী আজিনুৰ ৰহমানে৷ ঈদগাহ ময়দানত নামাজ অন্তত বিশ্ব শান্তি কামনা কৰি সমূহীয়া মোনাজাত পাঠ কৰা হয়। ঈদৰ উপলক্ষে সামৰ্থ অনুযায়ী বিভিন্ন জনে দৰিদ্ৰ লোক তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ দান-বৰঙণি আগবঢ়ায়৷

যোৰহাটত ঈদৰ সমূহীয়া নামাজ পাঠ

যোৰহাটঃ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো মুছলমান ধৰ্মাৱলম্বী লোকসকলে ঈদ-উজ-জোহা উদযাপন কৰে। যোৰহাট ঈদগাহৰ লগতে বিভিন্ন ঈদগাহত পুৱা সমূহীয়া নামাজত সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে। বিশ্বত শান্তি, সমৃদ্ধি বৰ্তি থাকিবৰ বাবে সমূহীয়া নামাজত প্ৰাৰ্থনা কৰা হয়।