মুস্তাক আহমেদ

জুৰীয়া

২ নৱেম্বৰ

বিদ্যালয় খোলাৰ প্ৰথম দিনাই শ্ৰেণী কোঠাত উদ্ধাৰ মৃতদেহ। নগাঁও জিলাৰ জুৰীয়াৰ এখন বিদ্যালয়ৰ শ্ৰেণী কোঠাত উদ্ধাৰ মৃতদেহ। ছাত্ৰ ছাত্ৰীৰ মাজত হুৱাদুৱা। বিদ্যালয়খনৰ কৰ্তৃপক্ষই বিদ্যালয় খোলাৰ আগদিনা বিদ্যালয়খন নকৰিলে ছেনিটাইজেচন।

কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে বন্ধ হৈ থকা বিদ্যালয় সমূহ দীৰ্ঘদিন বিৰতিৰ পিছত সোমবাৰৰ পৰা খোলাৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ ৰাজ্যতে বিদ্যালয় সমূহত পুনৰ পাঠদনা আৰম্ভ কৰা বাবে বিদ্যালয় সমূহৰ পৰিচালনা সমিতিৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকল প্ৰস্তুত হৈ উঠিছে। ইয়াৰ মাজতে দীৰ্ঘ বিৰতিৰ পিছত প্ৰথম দিনাই জুৰীয়াৰ এখন বিদ্যালয় খুলিয়ে বিদ্যালয়খনৰ শ্ৰেণী কোঠাত উদ্ধাৰ হ’ল এটা অদ্ধ গলিত মৃতদেহ। জুৰীয়াৰ খাটোৱাল এম ই মাদ্ৰাছা নামৰ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীয়ে পুৱা বিদ্যালয়খনলৈ আহিয়ে শ্ৰেণী কোঠাত এটা মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়। চিপলৈ থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো বিদ্যালয়খনৰ সমীপৰ ইক্ৰামূল হুছেইনৰ বুলি জানিব পৰা গৈছে।যোৱা এসপ্তাহ ধৰি ইক্ৰামূল হুছেইন নামৰ যুৱক জন সন্ধানহীন হৈ আছিল। বিদ্যালয়ৰ শ্ৰেণী কোঠাত এইদৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দীৰ্ঘদিনৰ বিৰতিৰ পিছত সোমবাৰে বিদ্যালয় সমূহ খুলিছে যদিও জুৰীয়াৰ খাটোৱাল এম ই মাদ্ৰাছা নামৰ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথম দিনটো সুখকৰ নহ’ল। ইফালে বিদ্যালয় খোলাৰ পূৰ্বে বিদ্যালয়খন ছেনিটাইজেচন কৰিব লাগিছিল যদিও বিভাগীয় নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই বিদ্যালয়খনৰ কৰ্তৃপক্ষই বিদ্যালয়খন কোনো ধৰণৰ ছেনিটাইজেচনৰ ব্যৱস্থা নকৰিলে। ফলত ছাত্ৰ ছাত্ৰীয়ে আজি প্ৰত্যক্ষ কৰে মৃতদেহটো।