সোণতলী, ২৭ অাগষ্টঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰাখাটত ২৫ আগষ্টৰ নিশা তিনি লম্পট যুৱকে এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অপচেষ্টা চলোৱাৰ লগতে আন এগৰাকী কিশোৰীক শাৰিৰীকভাৱে অপদস্থ কৰা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, বৰাখাট  নিৱাসী আক্ৰাম হুছেইন নামৰ দৰিদ্ৰ লোক জনে কৰ্মৰ তাগিদাত গুৱাহাটীত থাকে৷ আক্ৰামৰ হুছেইনৰ দুই কন্যা মৌলনা আবুল কালাম আজাদ হাইস্কুল আৰু টুক্ৰাপাৰা আঞ্চলিক ছোৱালী এম ই মাদ্ৰাছাৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰী ৷ আক্ৰামে ঘৰত নথকাৰ সুযোগলৈ একে গাঁৱৰে তিনি লম্পট যুৱকে বিভিন্ন সময়ত অশালীন ইঙ্গিত দিয়াৰ লগতে যোৱা নিশা প্ৰায় ১১-৩০ বজাত আক্ৰামৰ ১৩ বছৰীয়া কিশোৰী কন্যাক ঘৰৰ পৰা বলপূৰ্বক উঠাই নি বলাৎকাৰৰ চেষ্টা চলায়৷ আক্ৰাম হোছেইনৰ প্ৰথম কন্যাই চিঞৰ-বাখৰ কৰাত লম্পট যুৱককেইজনে তাইকো শাৰিৰীকভাৱে অপদস্থ কৰে৷  আজি পুৱা কিশোৰী দুগৰাকীৰ পিতৃয়ে গৰৈমাৰী আৰক্ষী চকীত সমগ্ৰ ঘটনাৰ বিবৰণ দি বৰাখাট গাঁৱৰ মুনছুৱ আলীৰ পুত্ৰ মহম্মদ আলী, ৰবিউল হুছেইনৰ পুত্ৰ আবুল কালাম আৰু বাদশা মিঞাৰ পুত্ৰ অানোৱাৰ হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও যুৱক কেইজনে গাঁওখনত বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত জড়িত থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ অতি শীঘ্ৰেই অপৰাধীক কৰায়ত্ব কৰি উচিৎ শাস্তি বিহিবলৈ স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৷ গৰৈমাৰী আৰক্ষীয়ে অপৰাধীক কৰায়ত্ব কৰিবলৈ অভিযান আৰম্ভ কৰিছে৷