সোণতলী, ৩০ জুনঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডত পৰিত্যক্ত অৱস্থাত থকা চৰ উন্নয়ন বিভাগৰ কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰী সমূহত সম্প্ৰতি চোৰৰ হাত পৰিছে৷ হিতাধিকাৰীক বিতৰণ কৰাৰ পুৰ্বেই উন্নয়ন খণ্ডটোৰ পৰা ৫ টাকৈ পাৱাৰ টিলাৰ চুৰি হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ প্ৰাপ্ত তথ্য মতে, অসম চৰকাৰৰ জিলা তথ্য আৰু জনসংযোগ বিভাগে যোৱা ২৭ মে’ত বাতৰি কাকতত ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষৰ বাবে পাৱাৰ টিলাৰ ৫ অশ্বশক্তি সম্পন্ন নিম্ন উত্তোলত পাৱাৰ পাম্প আৰু ৰেহাই মূল্যত ট্ৰেক্টৰ বিতৰণ কৰা হ’ব বুলি জাননী দিছিল৷ বিজ্ঞাপনত কোনো ধৰণৰ স্প্ৰে মেচিনৰ বিতৰণৰ কথা উল্লেখ নাছিল যদিও আজি নাটকীয়ভাৱে গৰৈমাৰী উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভাপতিৰ অজ্ঞাতে স্প্ৰে মেচিন বিতৰণ কৰাকলৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ উন্নয়ন খণ্ডটোৰ ভাৰপ্ৰাপ্ত সভাপতিয়ে অভিযোগ কৰা মতে, যোৱা ২০১৩-১৪ আৰু ২০১৪-১৫ বৰ্ষৰ ৫ টা পাৱাৰ টিলাৰ, পাৱাৰ পাম্প ৬ টা, দম কল ২০ টা আৰু চিলাই মেচিন ১৩ টা ভুৱা হিতাধিকাৰীৰ নাম দি গোপনীয়ভাৱে ক’লাবজাৰত বিক্ৰী কৰে৷ তেওঁ গৰৈমাৰী উন্নয়ন খণ্ডত বৰ্তমানেও জমা থকা প্ৰায়বোৰ কৃষিকাৰ্যত ব্যৱহৃত সামগ্ৰী ৫০ শতাংশ বেয়া হৈ যোৱা বুলি অভিযোগ কৰে৷ চৰ উন্নয়ন বিভাগৰ সামগ্ৰী সমূহ কিছুদিন পিছত চুৰি নাইবা বিনষ্ট হোৱাটো এক প্ৰকাৰ নিশ্চিত বুলিও জনায় ৷ উল্লেখ্য যে গৰৈমাৰী উন্নয়ন খণ্ডটোত ইতিপূৰ্বে চৰ উন্নয়ন বিভাগৰ সামগ্ৰী বিতৰণত ব্যাপক খাম-খেয়ালী হোৱা বুলি অভিযোগ উঠিছে৷ এই সন্দৰ্ভত গৰৈমাৰীৰ চৰাঞ্চলৰ কেবাগৰাকী হিতাধিকাৰীয়ে তালিকাত নাম থকাৰ পিছতো সামগ্ৰী নোপোৱা বুলি গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াক লিখিত অভিযোগ দিয়াৰ পিছতো কোনো পদক্ষেপ লোৱা নাই৷ গৰৈমাৰী উন্নয়ন খণ্ডত কামৰূপ জিলাৰ ডিডিএচই কাথাৰ, এছডিঅ’ লক্ষিনন্দন চহৰীয়া আৰু গৰৈমাৰী চক্ৰ বিষয়া দ্বিপ্তী মৰাঙে উপস্থিত থাকি ৩৯৫ গৰাকী হিতাধিকাৰীৰ নামত থকা স্প্ৰে মেচিন বিতৰণ কাৰ্য আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে যদিও গৰৈমাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতিয়ে বিতৰণ কাৰ্য স্থগিত ৰখাৰ বাবে লিখিত অভিযোগ দাখিল কৰে৷