বৰ্ণিহাট, ৩০ জুনঃ বৰ্ণিহাটৰ ১৫ মাইলত কামাখ্যা পাৱাৰ ছলিউশ্বন নামৰ কাৰখানাত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডত কাৰখানাটোৰ প্ৰায়  পঞ্চাশ লক্ষাধিক টকাৰ সা-সম্পতি জ্বলি ভষ্মীভূত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি কাৰখানাটোৰ অগ্নিশালয়ত শ্ৰমিকে কাম কৰি থকা অৱস্থাত অগ্নিশালয়ত হঠাতে বিস্ফোৰণ হয় আৰু জুই শিখায়ে কাৰখানাটো ছানি ধৰে৷ কাৰখানা কৰ্তৃপক্ষই ততাতৈয়াকৈ গুৱাহাটী আৰু সোণাপুৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও সময়ত অগ্নিনিৰ্বাপক গাড়ী উপস্থিত নোহোৱাত কাৰখানাৰ জুয়ে ওচৰৰ অন্যান্য কাৰখানা তথা বাসিন্দাৰ ঘৰলৈ বিয়পি যোৱাৰ আশংকাত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশেষত মেঘালয়ৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰে৷ বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই৷