গোৱালপাৰা, ৩০ জুনঃ গোৱালপাৰাৰ খাৰুবছাত আৰক্ষীৰে আন্দোলনকাৰীৰ সংৰ্ঘষত এজন প্ৰতিবাদকাৰীয়ে কৰুণ মৃত্যুক আকোঁৱালি লয়৷ প্ৰাপ্ত তথ্য অনুসৰি, ডি ভোটাৰ আৰু এন আৰ চি উন্নীতকৰণকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত স্থানীয় লোকে অনুমতি নোলোৱাকৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল। আৰক্ষীয়ে প্ৰতিবাদকাৰীক ঘাইপথ অৱৰোধ কৰিবলৈ বাধা দিয়াত প্ৰতিবাদী জনতাই আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত এজন লোক নিহত হোৱাৰ লগতে দুজন গুৰুতৰ ভাবে আহত হয়। নিহত প্ৰতিবাদকাৰীজন য়াকুব আলী বুলি জানিব পৰা গৈছে৷