ছহিদুল আলম

ডবকা

২০ অক্টোবৰ

দূৰ্ঘটনাই কাল অমানিশা নমাই আনিলে নীলবাগানৰ এটি দৰিদ্ৰ পৰিয়াললৈ। অৰ্থৰ অভাৱত দূৰ্ঘটনাগ্ৰস্থ পুত্ৰৰ চিকিৎসা কৰিব নোৱাৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাই লৈ আহিল৷ যুৱকজনক সন্মুখত লৈ উচুপি আছে পিতৃ-মাতৃ, পত্নী তথা তিনি কন কন শিশুৱে৷

কিছুদিন পূৰ্বে নীলবাগানত সংঘটিত হৈছিল এক দূৰ্ঘটনাত। দুৰ্ঘটনাত নীলবাগান বজাৰৰ আব্দুল হালিম নামৰ যুৱকজনে দুয়োখন ভৰিত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ যুৱক জন কিছুদিন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও দৰিদ্ৰ পৰিয়ালটিয়ে আৰ্থিক অভাৱৰ বাবে যুৱক জনক উপযুক্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰি অসুস্থ যুৱক জনক চিকিৎসালয়ৰ পৰা উভতাই লৈ আহে ঘৰলৈ৷

বৰ্তমান সংকটজনক অৱস্থাত আব্দুল হালিমে যুঁজি আছে মৃত্যুৰ সৈতে কিয়নো হালিমৰ দুয়োখন ভৰিৰ চিকিৎসা কৰাবলৈ প্ৰয়োজন ৫-৬ লাখ টকাৰ৷ উক্ত ধনৰ যোগাৰ কৰিব নোৱাৰি এতিয়া যুৱক জনৰ পিতৃ-মাতৃ আৰু পত্নীয়ে আজি ৰাজপথত সহায় বিচাৰি চকুলো টুকিছে৷ পিতৃক বিচাৰি হাহাকাৰ কৰিছে তিনি কন কন শিশুৱে৷। নীলবাগানৰ যুৱ সমাজৰ আব্দুল বাচিত চৌধুৰী, গোলাপ হুছেইনে পৰিয়ালটিৰ সহায়ৰ বাবে আগবাঢ়ি আহি কিছু ধন পৰিয়ালটোক আগবঢ়াইছে যদিও যুৱকজনক সুস্থ কৰিবলৈ প্ৰয়োজন বৃহৎ পৰিমানৰ ধনৰ৷ আৰ্থিক অভাৱত পুত্ৰৰ চিকিৎসা কৰাব নোৱাৰা পৰিয়ালটিয়ে হৃদয়বান লোকসকলক সহায়ৰ বাবে আহ্বান জনাইছে৷

কোনো হৃদয়বান লোকে পৰিয়ালটোৰ সহায় কৰিব বিচাৰিলে যুৱকজনৰ পত্নীৰ ভাৰতীয় ষ্টেট বেংকৰ মোৰাজাৰ শাখাৰ ৩৩৮৬৬৫৪৯৩৬০ একাউন্ট নম্বৰযোগে সহায় আগবঢ়াব পাৰিব৷ বেংকৰ আই এফ এছ চি নম্বৰ হৈছে এছ বি আই এন ০০০৮৭৫১। সম্প্ৰতি সংকটজনক অৱস্থাত থকা যুৱকজনক উপযুক্ত চিকিৎসা প্ৰদান কৰাব নোৱাৰিলে যুৱকজনৰ ভৰি দুখন কাটিবলগীয়া হ’ব পাৰে বুলি চিকিৎসকে জানিবলৈ দিয়াত হাহাকাৰ কৰি ফুৰিছে পৰিয়ালটিয়ে৷