কুন্দন ভৰালী

নগাঁও

১০ ফেব্ৰুৱাৰী

চামগুৰিৰ ৰঙাগড়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। টাটা ম’বাইল মিনি ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ। দুর্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰৰ চালক আৰু হেণ্ডিমেনে। স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে আহত টাটা ম’বাইলৰ চালক আৰু হেণ্ডিমেনক।

বুধবাৰে দিনৰ ভাগত নগাঁও জিলাৰ চামগুৰিৰ ৰঙাগড়াত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। টাটা ম’বাইল মিনি ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত গুৰুত্বৰভাৱে আহত হয় টাটা ম’বাইল মিনি ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন। দুর্ঘটনাৰ পিছত বহু সময় ধৰি দুর্ঘটনাগ্ৰস্ত টাটা ম’বাইল ট্ৰাকখনত আৱদ্ধ হৈ থাকে গুৰুত্বৰভাৱে আহত চালক আৰু হেণ্ডিমেন। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত এখন জেচিবিৰে উদ্ধাৰ কৰা হয় আহত টাটা ম’বাইল মিনি ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনক। দুয়োকে সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰে ৰাইজে।দুর্ঘটনাগ্ৰস্ত টাটা ম’বাইলখনে যোৰহাটৰ দিশৰ পৰা চুপাৰি কঢ়িয়াই অনাৰ পৰিবৰ্তে বিপৰীত দিশৰ পৰা অহা ডাম্পাৰখনে কঠালগুৰিৰ পৰা কঢ়িয়াই আনিছিল শিল।

ইফালে দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে ডাম্পাৰখনৰ চালক আৰু হেণ্ডিমেনজনে। ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই সঘনাই অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে আৰক্ষীক ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায়।