কুন্দন ভৰালী 

নগাঁও

৯ ফেব্ৰুৱাৰী

নগাঁৱত পুনৰ ব্ৰাউন চুগাৰসহ আটক সৰবৰাহকাৰী। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। সোমবাৰে সন্ধিয়া ড্ৰাগছসহ তিনিজনকৈ সৰবৰাহকাৰীক আটক কৰাৰ পিছত মঙলবাৰে নগাঁও আৰক্ষীয়ে পুনৰ অভিযান চলায় ড্ৰাগছৰ বিৰুদ্ধে।

মঙলবাৰে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই নগাঁও চহৰৰ ফৌজদাৰী পট্টিত। ফৌজদাৰী পট্টিৰ অলকাছ খান ওৰফে জেবু খানৰ ঘৰত অভিযান চলাই আৰক্ষীৰ দলটোৱে জব্দ কৰে ব্ৰাউন চুগাৰ। আৰক্ষীয়ে ড্ৰাগছ বিক্ৰীত ব্যৱহাৰ কৰা বহু কন্টেইনাৰো জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত জড়িত জেবু খানকো আটক কৰিবলৈ সক্ষম হয়। ইফালে সোমবাৰে সন্ধিয়া নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে নগাঁৱৰ চলচলিত অভিযান চলাই ড্ৰাগছ সৰবৰাহৰ লগত জড়িত মহিলাসহ তিনিজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছিল।

ধৃত মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি নিজ ঘৰৰ পৰাই ড্ৰাগছৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। লগতে ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত চলচলিৰ ছাইফুল ইছলাম আৰু জমিৰ আলী নামৰ দুজন লোকক সোমবাৰে সন্ধিয়া আটক কৰিছিল আৰক্ষীৰ দলটো।