বাক্সা, সংবাদ ৩৬৫, ১ জুলাইঃ যি সময়ত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকল কৰ্মসংস্থাপন আশাত বহিঃৰাজ্যৰ লগতে ৰাজধানী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ গৈ লাঞ্চিত-বঞ্চিত হ’বলগীয়া হয় সেই সময়তে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ পাটকীজুলিৰ চাহ জনজাতিৰ জয়লাল মণ্ডল আৰু সুমিত্ৰ ভগতৰ চাৰিগৰাকীকৈ শিক্ষিত জীয়ৰীযে ক্ৰমে কল্পনা ভগত, চঞ্জনা ভগত, প্ৰতিমা ভগত আৰু অঞ্জনা ভগতে চাহ দোকানেৰে স্বাৱলম্বী হোৱাৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়কৰ গাঁৱৰ বজাৰ পাটকীজুলিত চাহ দোকান দি চাৰিগৰাকীকৈ চাহ জনজাতিৰ যুৱতীয়ে স্বাৱলম্বী হ’বলৈ সক্ষম হোৱাত সমগ্ৰ অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে। চাফ চিকুণতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা যুৱতী কেইগৰাকীৰ চাহ দোকানখনৰ সকলো কৰ্মচাৰী মহিলা। বিগত ছয় বছৰ ধৰি বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে যুৱতী কেইগৰাকীয়ে আৰম্ভ কৰা সৰু চাহ দোকানখন আজি সমগ্ৰ অঞ্চলটোতৰ ৰাইজৰ বাবে এখন চিনাকি দোকান। প্ৰতিদিনে এই দোকানখনত পুৱাৰে পৰা চাহ আৰু পুৰি খাবলৈ মানুহৰ ভিৰ পৰিলক্ষিত হোৱাৰ লগতে ঠাইৰ অভাৱত গ্ৰাহক সকল বহু সময়লৈ দোকানখনৰ বাহিৰত অপেক্ষা কৰি থকাও দেখিবলৈ পোৱা যায়। যুৱতী চাৰিগৰাকীৰ মাজৰ কল্পনা ভগতে জানিব দিয়া মতে যুৱতী কেইগৰাকীয়ে দোকানখনেৰে প্ৰতি সপ্তাহত দহৰ পৰা বাৰ হেজাৰ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হয়। লক্ষণীয় যে চাৰিওগৰাকী শিক্ষিত যুৱতীৰ কোনোবা যদি স্নাতক ডিগ্ৰীধাৰী, কোনোবা আকৌ উচ্চতৰ মাধ্যমিকৰ চুৰান্ত বৰ্ষৰ ছাত্ৰী। সৰু চাহ দোকান এখনেৰে যুৱতী কেইগৰাকীয়ে নিজৰ পঢ়াৰ খৰচ উলিওৱা, পৰিয়াল পোহপাল দিয়াৰ লগতে সৰু ভায়েকক শিক্ষা প্ৰদান কৰি আহিছে। পিতৃ-মাতৃৰ পৰা কোনো ধৰণৰ সহায় নোলোৱালৈ নিজে উপাৰ্জন কৰি স্বাৱলম্বী হোৱা চাহ জনজাতিৰ এই চাৰিগৰাকী যুৱতী এতিয়া পাটকীজুলি, দৰঙামেলা, কুমাৰীকাটা অঞ্চলত অতিকৈ জনপ্ৰিয় হৈ পৰিছে।