গুৱাহাটী, ২০ জুনঃ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাদাই ৰাজ্যখনৰ চাহবাগিছাত বসবাস কৰা জনসাধাৰণৰ বাবে আজি চাহ বাগিছাৰ ভ্ৰাম্যমান চিকিৎসা গোট আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। এই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত সভাত ভাষণ দি কেন্দ্রীয় মন্ত্রী গৰাকীয়ে কয় যে ৰাজ্যৰ চাহ জনগোষ্ঠীৰ স্বাস্থ্য সেৱাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ই এক ঐতিহাসিক পদক্ষেপ। ইয়াৰ জৰিয়তে চাহ জনগোষ্ঠীৰ লোকসকলক সহজে স্বাস্থ্য সেৱা উপলব্ধ কৰাব পৰা যাব। কেন্দ্রীয় মন্ত্রী গৰাকীয়ে কয় যে চাহৰ লগত অসমৰ পৰিচয় জড়িত হৈ আছে। কিন্তু চাহ জনগোষ্ঠীৰ লোকসকলে এতিয়াও গুণগত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আছে। চাহবাগিছা এলেকাত গৰ্ভৱতী মহিলাসকলক উপযুক্ত সেৱা আগবঢ়াব নােৱাৰ বাবে প্রসূতিৰ মৃত্যৰ হাৰ অধিক। ৰক্তহীনতা আৰু অন্যান্য বেমাৰৰ বাবে প্রসূতিৰ মৃত্যু হয়, যিটাে অতিশয় উদ্বেগৰ বিষয়। চাহ বাগিছাসমূহত স্বাস্থ্য সেৱাৰ উপযুক্ত আন্তঃগাঁথনিৰ অভাবৰ বাবেই গৰ্ভৱতী মহিলাসকলক প্রয়োজনীয় চিকিৎসা সেৱা আগবঢ়োৱা সম্ভৱ হৈ উঠা নাছিল বুলি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়। উল্লেখযোগ্য যে এটা ভ্ৰাম্যমান চিকিৎসা গোটে ৪ খনকৈ চাহ বাগিছা সামৰি ল’ব। এটা গোটে ৭ দিনকৈ একেৰাহে এখন বাগিছাত চিকিৎসা সেৱা প্ৰদান কৰি পৰৱৰ্ত্তী বাগিছা খনলৈ যাব। এনেদৰে প্ৰায়ে ১ মহীয়া এক সময়ৰ ব্যৱধানত সেই গোটতো পুনৰ প্ৰথম চাহ বাগিছাখনলৈ ঘূৰি যাব। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে জনাই যে এই ভ্ৰাম্যমান চিকিৎসা গোটসমূহে দক্ষতা প্রদর্শন কৰিব পাৰিলে কেন্দ্রীয় চৰকাৰে আৰু অধিক গোট সংযোজন কৰিব। এই সেৱা সম্প্রসাৰণ হ’লে এমাহৰ পৰিবর্তে ১৫ দিনৰ অন্তৰে অন্তৰে চিকিৎসা সেৱা উপলব্ধ কৰাব পৰা যাব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোড়ীয়ে উত্তৰ পূবাঞ্চলৰ বিকাশৰ ওপৰত সর্বাধিক গুৰুত্ব আৰােপ কৰিছে বুলি উল্লেখ কৰি নাদাই কয় যে গুৱাহাটীত এইমচ নির্মাণ হৈ উঠিলে অসম তথা অঞ্চলটােৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত থকা সমস্যা বহুলাংশে সমাধান হ’ব। এইমচৰ বাবে কেন্দ্রীয় চৰকাৰে এক হাজাৰ কোটি টকা ব্যয় কৰিব বুলি মন্ত্রীগৰাকীয়ে কয়। সভাত ভাষণ দি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে কেন্দ্রীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে চাহ বাগিছা এলেকাৰ দ্রুত উন্নয়নৰ বাবে দৃঢ়তাৰে কাম কৰি আছে। শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ওপৰত সর্বাধিক গুৰুত্ব আৰােপ কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া ৰােগ নির্ণয় আঁচনি শুভৰাম্ভ কৰাৰ পিছত ৬২,০০০ লোকে এক্স-ৰে সেৱা লাভ কৰিছে আৰু ইয়ে ৰাজ্যৰ স্বাস্থ্য সেৱাত আমুল পৰিবর্তন সাধন কৰিছে। মুখ্যমন্ত্রী সোণোৱালে চৰকাৰী আঁচনিসমূহৰ সুফল গ্রহণ কৰিবলৈ আৰু চৰকাৰী আঁচনিসমূহৰ দ্রুত ৰূপায়নৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ জনসাধাৰণক আহ্বান জনায়। ৰাজ্যখনৰ স্বাস্থ্য সেৱাৰ মান উন্নত কৰিবলৈ কেন্দ্রীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে মুখ্যমন্ত্রীয়ে ধন্যবাদ জ্ঞাপন কৰে।  গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ত অমৃত ফার্মাচী সেৱা আগবঢ়োৱাৰ ফলত হৃদৰোগীৰ উপৰি জটিল,ৰোগত আক্রান্ত ৰােগীসকলে ৰেহাই হাৰত ঔষধ লাভ কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ ফলত সমাজৰ দুৰ্বল শ্রেণীৰ লোকসকল উপকৃত হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়। সভাত ভাষণ দি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে প্লেনটেচন লেবাৰ এক্ট মানি চলিবলৈ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা চাহ বাগিচাসমূহত উপলব্ধ কৰাৰ বাবে চাহ বাগিছা কর্তৃপক্ষক নির্দেশ দি আহিছে। যদিও বাগিছা কর্তৃপক্ষ এই ক্ষেত্ৰত ব্যর্থ হৈছে। গৰ্ভৱতী মহিলাসকলে সন্তান প্ৰসৱৰ প্ৰায় আগমুহুর্তলৈ কাম কৰি থাকিবলগীয়া হােৱা বাবে মাতৃৰ লগতে শিশুৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্রভাব পৰাৰ বিষয়টাে উল্লেখ কৰি গৰ্ভৱতী মহিলাক তিনি মাহৰ ছুটি মঞ্জৰ কৰিবলৈ চাহ বাগিছা কর্তৃপক্ষক আহ্বান জনায়। মন্ত্রী গৰাকীয়ে কয় যে তিনি মাহৰ ছুটিৰ বাবদ ৰাজ্য চৰকাৰে চাহ বাগিছা সমূহলৈ দুই হাজাৰ টকাকৈ আগবঢ়াব। মন্ত্রী গৰাকীয়ে কয় যে শেহতীয়াকৈ অনুষ্ঠিত কেবিনেটত এম বি বিএছ পর্যােয়ত চাহ গোষ্ঠীৰ বাবে নামভৰ্তিৰ ক্ষেত্ৰত থকা সংৰক্ষিত আসন ৮ খনৰ পৰা ১৮ খনলৈ বৃদ্ধি কৰা হৈছে যাতে চাহ বাগিছা এলেকাত উপযুক্ত চিকিৎসা সেৱা আগবঢ়াব পৰা যায়। প্ৰতিখন চাহ বাগিছাত ৰাজ্য চৰকাৰে একোখন চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰিব বিচাৰিছে। যদিও চাহ বাগিছাসমূহে ভূমি দিয়া নাই আৰু সেইবাবে ৰাজ্য চৰকাৰে প্ৰতিখন চাহ বাগিছাত এক একৰ ভূমি অধিগ্ৰহণৰ বিষয়টাে বিবেচনা কৰি আছে বুলিও মন্ত্রী গৰাকীয়ে কয়। আজিৰ এই অনুষ্টানত সাংসদ কামাখ্যা প্রসাদ তাঁচা, শ্ৰম আৰু নিয়োগ মন্ত্রী পল্লবালোচন দাস, কেবাগৰাকী বিধায়ক, মুখ্যসচিব বিনোদ কুমাৰ পিপাৰচেনিয়া প্রমুখ্যে স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।