গুৱাহাটী, ২১ জুনঃ আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ ভাৰতবর্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোক যোগ দিৱস হিচাপে পালন কৰা হয়। অসমতো ধুবুৰীৰ পৰা শদিয়ালৈ বিভিন্ন স্থানত যোগ দিৱস পালন কৰা দেখা গ’ল। ৰাতিপুৱাৰ পৰাই হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিলে বিভিন্ন যোগ শিবিৰত। ইয়াৰ ভিতৰতে এক ব্যতিক্ৰম যোগ শিবিৰ দেখিবলৈ পোৱা গ’ল শক্তিপীঠ কামাখ্যাত। অম্বুবাচী মেলাক লৈ কামাখ্যা মন্দিৰ ভৰি পৰিছে লাখ লাখ ভক্তৰে। ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে সাধু-সন্যাসী আৰু বাবা। যোগ দিৱস উপলক্ষ্যে এই বাবাসকলেও কামাখ্যা মন্দিৰৰ প্ৰাংগণত আয়োজন কৰিলে যোগ শিবিৰৰ। সাধাৰণতে যোগ বাবাসকলৰ দৈনন্দিন কৰ্মৰ মাজত সন্নিবিষ্ট যদিও আজি বাবাসকলে যোগ দিৱসৰ উপলক্ষে শক্তিপীঠ কামাখ্যা মন্দিৰত যোগ শিবিৰ আয়োজন কৰি সমগ্ৰ বিশ্ববাসীক যোগৰ লগত জড়িত হ’বলৈ আহ্বান জনায়। যোগৰ জৰিয়তে প্ৰতিজন মানুহে  শাৰীৰিক আৰু মানসিক শান্তি লাভ কৰি সুস্থ সৱল হৈ থাকিব পাৰি বুলি এই বাবাসকলে জানিবলৈ দিয়ে।