গুৱাহাটী, ২০ জুনঃ তৃতীয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ২১ জুনত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত যোগভ্যাসৰ আয়োজন কৰা হৈছে।ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ, ভাৰতীয় প্ৰাকৃতিক চিকিৎসা আৰু যোগ সংস্থা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, পতঞ্জলি যোগ সমিতি আদি কেবাটাও সংস্থাই এই যোগভ্যাসৰ আয়োজনত সহযোগ কৰিছে। যোগ দিৱসৰ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, সাধাৰণ নাগৰিক তথা চৰকাৰী বিষয়া কৰ্মচাৰীকে ধৰি প্ৰায় পাঁচ হেজাৰ লোকে অংশগ্ৰহণ কৰিব বুলি কামৰূপ মহানগৰ জিলা উপায়ুক্ত ড° এম অংগমুথুৱে জানিবলৈ দিয়ে। তেওঁ লগতে পুৱা ৬ বজাত অনুষ্ঠিত হ’ব লগা এই যোগ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণকাৰী সকলক শুভ্ৰ তথা যোগভ্যাসৰ অনুকূল পোচাক পৰিধান কৰাৰ উপৰি ব্যক্তিগত কঠ আনিবলৈ আহ্বান জনাইছে৷ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে সৰ্বসাধাৰণ লোকক কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা অহ্বান জনোৱা হৈছে।