জোনমণি বেগম

বিশ্বনাথ

২ মাৰ্চ

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে নিশা বিশ্বনাথৰ পাৱাৰ গ্ৰীডৰ অতিথিশালাত কটোৱাৰ পিছত পুৱা বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিছাত বুঢ়া মাধব দেৱালয় দৰ্শন কৰি কংগ্ৰেছ নেত্ৰী গৰাকীয়ে সাক্ষাৎ কৰে চাহ বাগিচাৰ পাত তুলা মহিলা শ্ৰমিক সকলৰ লগত। চাহ শ্ৰমিক সকলৰ লগত কিছু সময় মতবিনিময় কৰি নিজেও চাহ পাত তুলে প্ৰিয়ংকা গান্ধীয়ে।

ইয়াৰ পিছতে প্ৰিয়ংকা গান্ধীয়ে প্ৰতাপগঢ় চাহ বাগিচাৰ সাধাৰণ শ্ৰমিক অমৃত তচাৰ ঘৰত প্ৰৱেশ কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে। শ্ৰমিক গৰাকীৰ ঘৰৰ পাকঘৰত প্ৰৱেশ কৰি প্ৰিয়ংকা গান্ধীয়ে জুতি লয় চাহৰ। প্ৰিয়ংকা গান্ধীয়ে অমৃত তচাৰ পৰিয়ালৰ লগত মত বিনিয়ামও কৰা দেখিবলৈ পোৱা যায়। সাংবাদিকৰ লগত সাক্ষাৎ কৰি কংগ্ৰেছ নেত্ৰী গৰাকীয়ে কয় যে চাহ শ্ৰমিক সকলৰ মজুৰি যি হাৰত ৰাহুল গান্ধীয়ে প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিল সেই কথা মই গেৰেন্টি প্ৰদান কৰিছো। গেছ চিলিণ্ডাৰৰ, পেট্ৰ’ল, ডিজেলৰ লগতে প্ৰতিটো অত্যবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে। এতিয়া সময় আহি পৰিছে এনে এটা চৰকাৰ গঠন হওক যি চৰকাৰে জনসাধাৰণৰ কথা শুনে, বুজে আৰু সেই সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰে। বাগিচাত মহিলা সকলে কৈছে যে বহু নেতা আহে, ডাঙৰ ডাঙৰ কথা কয়। প্ৰথম অৱস্থাত বাগিচাৰ শ্ৰমিক সকলৰ একাউণ্টত পইচা সোমাইছিল আৰু বিনামূলীয়া চিলিণ্ডাৰো পাইছিল কিন্তু এতিয়া দুমাহ ধৰি খালী চিলিণ্ডাৰ এওঁ লোকৰ পাকঘৰত পৰি আছো। ৮০০-৯০০ টকা কাৰ আছে গেছ চিলিণ্ডাৰ ভৰাবলৈ বুলি প্ৰিয়ংকা গান্ধীয়ে প্ৰশ্ন কৰে।

বর্তমানৰ চৰকাৰখন বহু ডাঙৰ ডাঙৰ কথা কৈ শাসনলৈ আহিছিল, কিন্তু কথাবোৰ পালন নকৰিলে চৰকাৰখনে যাৰ বাবে দেশত দৰিদ্ৰতা বৃদ্ধি হৈছে। পুঁজিপতি, উদ্যোগপতিসকল সকলো সুবিধা যায় পাই আছে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে। পুঁজিপতিয়ে বিমান বন্দৰ কিনিছে, সকলো সুবিধা কেৱল তেওঁলোকে পাই আছে বুলিও মন্তব্য কৰি বৰ্তমানৰ চৰকাৰখনক তীব্ৰ আক্ৰমন কৰে প্ৰিয়ংকা গান্ধীয়ে।