গুৱাহাটী, সংবাদ ৩৬৫, ২১ আগষ্ট: গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা বেলোগুৰিৰ এখন বিয়ালৈ শিশুৰ পৰা বৃদ্ধলৈ ঢাপলি মেলিছে সকলোৱে। দৰা-কইনাক আশীৰ্বাদ দিবলৈ বুলি নহয় বৰং দৰা- কইনাৰ পৰা আশীষ বিচাৰিহে আহিছে বিয়া খনলৈ। মঙ্গলবাৰে বেলোগুৰিৰ ভেকুলিৰ বিয়াক লৈ উদুলি-মুদুলী গাওঁবাসী । দৰা-কইনাক মাহ-হালধি সানি গা ধুৱাইছে গাওবাসীয়ে। আচলতে কৃষকৰ খেতিপথাৰত বৰষুণ নাই ছিৰাঁল ফাট দিছে খেতিপথাৰত। সেইবাবে লোকবিশ্বাস অনুসৰি এনেদৰে বিয়া পাতিছে গাওঁৰ লোক সকলে । সম্পুৰ্ণ ৰীতি-নীতিৰে বিয়া পাতিছে গাওঁৰ লোক সকলে। অগ্নিসাক্ষী কৰি বিয়া কৰি পাতি দিছে এহাল ভেকুলি দৰা – কইনাক । লোক বিশ্বাস অনুসৰি এনদৰে ভেকুলিৰ বিয়া পাতিলে পৃথিৱীলৈ বৰষুণ নামে। সেয়ে ভেকুলিৰ বিয়াপাতি দৰা-কইনা হালক এৰি দিলে ইন্দ্ৰ দেৱতাৰ বাবে । যদিহে এনেদৰে বৰষুণ নিদিয়াকৈ থাকি পথাৰত ছিৰাল ফাট মেলে তেনেহলে মুৰে-কপাঁলে হাত দিব লাগিব কৃষক ৰাইজে । সেয়ে দৰা-কইনাৰ আশীষ বিচাৰি সকলো বিয়ালৈ আহিছে।