লখিমপুৰ

৩০ জানুৱাৰী :

‘চুতীয়া শব্দৰ অৰ্থ হৈছে অতি কষ্টসহিষ্ণু আৰু উচ্চ গুণসম্পন্ন মানুহ। এনে উচ্চ আদৰ্শৰে পৰিচালিত এই জনগােষ্ঠীটোৱে অতীজৰে পৰা বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত অনবদ্য অৰিহণা আগবঢ়াই আহিছে। চুতীয়া জাতি শক্তিশালী হােৱা মানে অসমীয়া জাতি শক্তিশালী হােৱা।’ লখিমপুৰ জিলাৰ বগীনদীৰ লক্ষ্মীনাৰায়ণ ক্ষেত্ৰত আয়ােজিত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বি-বার্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে ঐতিহাসিক কালতে কুণ্ডিল নগৰত ভীষ্মক ৰজাৰ নেতৃত্বত শক্তিশালী ৰূপত চুতীয়া ৰাজ্য প্রতিষ্ঠিত হৈছিল। ভগবান শ্রীকৃষ্ণৰ সৈতে আত্মিক সম্পর্কৰে সংপৃক্ত জনগােষ্ঠীটোৰ এই মহান ঐতিহ্যক আমি আগবঢ়াই নিব লাগিব। চুতীয়া জনগােষ্ঠীৰ সৰ্বাংগীন বিকাশৰ দিশত চুতীয়া ছাত্র সন্থাই ইয়াৰ প্রতিষ্ঠা কালৰে পৰা গ্ৰহণ কৰি অহা ভূমিকাৰ শলাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে জনগােষ্ঠীটোৰ ৰাইজে এই সংগঠনটোক কিমান মৰমেৰে আকোঁৱালি লৈছে আজিৰ জনসভাত ৰাইজৰ উপস্থিতিয়েই সেয়া প্রমাণ কৰে। ৰাজ্যখনৰ কৰ্ম সংস্কৃতিৰ বাতাৱৰণ শক্তিশালী কৰাৰ লগতে নৱ প্ৰজন্মক অধ্যয়নৰ জৰিয়তে দৃঢ় ৰূপত আগুৱাই নিয়াত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লগতে ৰাজ্যখনৰ ছাত্র সংগঠনসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ এই মঞ্চৰ পৰাই এই জাতিটোৰ ভৱিষ্যতৰ পৰিকল্পনা প্রস্তুত কৰিব লাগিব।

চুতীয়া জাতিৰ মহীয়সী নাৰী বীৰাঙ্গনা সতি সাধনীৰ প্রতি শ্রদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইগৰাকী সাহসী নাৰীয়ে দেখুৱাই যােৱা দেশ প্রেম আৰু ত্যাগৰ মহান আদর্শৰে আমি উদ্বুদ্ধ হ’ব লাগিব। বীৰাঙ্গনা সাধনীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে গােলাঘাটত এখন বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ পদক্ষেপ গ্রহণ কৰাৰ লগতে সতী সাধনী দিৱসৰ দিনটোক ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘােষণা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অনাগত দিনতাে এই জনগােষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে আৰু দায়িত্ব সহকাৰে কাম কৰি যাব। চুতীয়া জাতিক সংগঠিত ৰূপত বিকাশৰ দিশেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা আগবঢ়াই যােবা জাতিটোৰ বিশিষ্ট ব্যক্তিত্ব প্রয়াত ভ্ৰমৰ চন্দ্ৰ শইকীয়া, ভৱকান্ত চুতীয়া, কোষেশ্বৰ বৰুৱা আৰু বৈষ্ণব পণ্ডিত সােণাৰাম চুতীয়াৰ প্রতি শ্রদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ব্যক্তিসকলৰ মহান আদর্শৰে জাতিটোক সংগঠিত ৰূপত আগুৱাই নিয়াৰ দিশত চুতীয়া ছাত্ৰ সন্থাই বিশেষ পদক্ষেপ গ্রহণ কৰিব লাগিব।

ৰাজ্যখনৰ অন্যান্য জাতি-জনগােষ্ঠীৰ মাজত পাৰস্পৰিক সম্প্রীতি ৰক্ষাৰ দিশতাে এটা জাতীয় সংগঠন হিচাপে চুতীয়া ছাত্ৰ সন্থাই বিশেষ ভূমিকা গ্রহণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ভাৰতবৰ্ষই গাঁৱত বাস কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে প্রায় ২৬ হাজাৰৰাে অধিক গাঁৱৰ সমষ্টি আমাৰ ৰাজ্যখনৰাে অর্থনীতি মূলতে কৃষিৰ ওপৰতে নিৰ্ভৰশীল। বিভিন্ন প্রাকৃতিক প্রতিকূলতা নেওচি আমাৰ পূৰ্বৰ প্ৰজন্মই পৰম্পৰাগত পদ্ধতিৰে কৃষি কর্ম কৰি পৰিয়াল পােহপাল দিছিল কিন্তু নতুন প্রজন্মই এই দিশত অনীহা প্রদর্শন কৰাৰ ফলত ৰাজ্যৰ কৃষিখণ্ড পিছ পৰি ৰৈছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ শক্তিশালী নেতৃত্বত খেতিয়কসকলৰ মনােবল বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ ফলত আজি দেশৰ লগতে ৰাজ্যৰ কৃষিখণ্ডইও মূৰ দাঙি উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজি উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে কৃষি ক্ষেত্ৰত আত্মনিয়ােগ কৰাৰ বাবে আগবাঢ়ি অহাটো আমাৰ ভৱিষ্যতৰ বাবে এক আশাপ্রদ খবৰ। এই প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে কৃষিখণ্ডৰ উত্তৰণৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে হাতত লােৱা বিভিন্ন পদক্ষেপ যেনে ছয়েল হেলথ কার্ড, প্রধানমন্ত্রী ফচল বীমা যােজনা, কৃষি সিঁচাই যােজনা, প্রধানমন্ত্রী কিষণ সন্মান নিধি, কিষাণ ক্রেডিট কার্ড, মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যােজনা, মুখ্যমন্ত্রী কৃষি সা-সঁজুলি যােজনা আদিৰ কথা বিশেষভাবে উল্লেখ কৰে।

মুকলি সভা উদ্বোধন কৰি দিয়া ভাষণত ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাই চুতীয়া জাতিৰ ইতিহাস, পৰম্পৰা আদি বিভিন্ন দিশৰ তথ্য সমৃদ্ধ ইতিবৃত্ত দাঙি ধৰে। চুতীয়া জনগােষ্ঠীৰ লগতে অসমৰ আন ৫ টা জনগােষ্ঠীৰ জনজাতিকৰণৰ দাবীক ন্যায্য দাবী বুলি অভিহিত কৰি তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে অতিশীঘ্ৰেই এই জনগােষ্ঠী কেইটাক জনজাতি হিচাপে ঘােষণা কৰিব বুলি তেওঁ আশাবাদী। বর্তমানৰ চৰকাৰৰ কাৰ্যকালত চুতীয়া জনগােষ্ঠীৰ আর্থ-সামাজিক বিকাশৰ বাৰে বহুকেইটা শক্তিশালী পদক্ষেপ গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এটা জনগােষ্ঠীক সকলাে দিশতে আগুৱাই নিবলৈ হলে মার্থে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপলৈকে অপেক্ষা নকৰি জাতিটোৰ প্ৰতিগৰাকী সদস্যই নিজ নিজ দায়িত্ব আৰু কৰ্তব্য সুচৰুৰূপে পালনতা মনােনিৱেশ কৰিব লাগিব। সদৌ চুতীয়া জাতি ছাত্র সন্থাই পূৰ্বৰ দিনবােৰৰ দৰেই অনাগত সময়তাে জনগােষ্ঠীটোৰ প্রাপ্য অধিকাৰ সুনিশ্চিত কৰাৰ দিশত শক্তিশালী ভূমিকা গ্ৰহণ কৰি যাব বুলি মন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে।।

অনুষ্ঠানত ভাষণ প্রদান কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী নৱ কুমাৰ দলেই কয় যে অসমৰ ভৱিষ্যতক ন ৰূপত গঢ় দিয়াত নবীন প্রজন্মৰ ভূমিকাই হৈছে আটাইতকৈ গুৰুত্বপূর্ণ। বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ প্ৰতিটো জাতি জনগােষ্ঠীৰ ঐতিহ্য, পৰম্পৰা সংৰক্ষণৰ দিশত আৰম্ভণিৰে পৰা বলিষ্ঠ পদক্ষেপ গ্রহণ কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে চুতীয়া জনগােষ্ঠীৰ পৱিত্ৰ দিন সতী সাধনী দিৱসসা ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাজ্যিক ভিত্তিত আড়ম্বৰপূৰ্ণভাৱে উদ্যাপন কৰি আহিছে। আজিৰ এই অধিৱেশন অনুষ্ঠিত হােৱা লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ সােৱণশিৰিৰ পাৰৰ ৫০ বিঘা মাটিত লক্ষ্মীনাৰায়ণ ক্ষেত্র নামৰ এক বৃহৎ প্রকল্প স্থাপনৰ পদক্ষেপৰ কথাও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে। সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষিদে শইকীয়াই সভাপতিত্ব কৰা মুকলি সভাত ছাত্র সংগঠনটোৰ সাধাৰণ সম্পাদক তথা নবনির্বাচিত সভাপতি মহেন বৰা আৰু অভ্যর্থনা সমিতিৰ সভাপতি মুনীন শইকীয়াইও ভাষণ প্রদান কৰে।

সভাত স্থানীয় সাংসদ প্রদান বৰুৱা, লখিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্ত, ধেমাজিৰ বিধায়ক ৰণােজ পেগু, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া, অসম চাহ নিগমৰ অধ্যক্ষ তথা সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় কুমাৰ বৰা, জ্যোতি চিত্ৰনৰ অধ্যক্ষ পবিত্র মাৰ্ঘেৰিটা, ঘামৰা সত্ৰৰ সত্ৰাধিকাৰ বিষ্ণু গােস্বামী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্যোতি প্ৰসাদ শইকীয়া, নিউজ লাইভৰ পৰিচালন সম্পাদক ছৈয়দ জাৰীৰ হুছেইন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়া, মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণকে প্রমুখ্যে কৰি চুতীয়া জনগােষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়াসকল আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্রতিনিধিসকল উপস্থিত থাকে।