জোনমণি বেগম

বিশ্বনাথ

৩০ জানুৱাৰী

বিশ্বনাথত বন বিভাগৰ কাৰ্যালয় সহ-সামগ্ৰী ধ্বংসৰ অভিযোগত এজনক গ্ৰেপ্তাৰ। বন বিভাগৰ কাৰ্যালয় সহ-সামগ্ৰী ধ্বংসৰ অভিযোগত এজনৰ গ্ৰেপ্তাৰকলৈ বিশ্বনাথ ঘাটত তীব্ৰ প্ৰতিক্ৰিয়া।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা বনৰীয়া গোনা ম’হে বিশ্বনাথ চাৰিআলিত ভোগালী বিহুৰ দিনাই দুদিনকৈ সন্ত্ৰাসৰ সৃষ্টি কৰি দুজনকৈ লোকক আক্ৰমণ চলাই হত্যা কৰিছিল। ইয়াৰ পিছতে উত্তেজিত ৰাইজে বিশ্বনাথ ঘাটৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ কেন্দ্ৰীয় বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড কৰি বন বিভাগৰ এখন বলেৰ জলাই দিয়াৰ লগতে কাৰ্যালয়টোৰ কেইবাটাও গৃহত অগ্নি সংযোগ কৰিছিল। ঘটনা সংক্ৰান্তত চৰকাৰী কাৰ্যালয়সহ আন আন সামগ্ৰী ধ্বংস কৰাৰ বাবে বিশ্বনাথ চাৰিআলি থানাত ভাৰতীয় দণ্ডবিধি ১৪৪/১৪৭/৪৪৭/৪৪৮/৪২৭/৩৯২ আৰু ডব্লিউ চেকচন ৩/৪ (ৰাজহুৱা সম্পত্তি ধ্বংস)ৰ অপৰাধত ১৬/২০২১ গোচৰ পঞ্জীভূত হৈছিল। এই পঞ্জীভূত হোৱা গোচৰত শনিবাৰে বিশ্বজিৎ দাসক বিশ্বনাথ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাত আদালতে সাত দিনৰ বাবে বিশ্বনাথ চাৰিআলি আৰক্ষী জিম্মালৈ প্ৰেৰন কৰিছে বিশ্বজিৎ দাসক।

সম্প্ৰতি বিশ্বনাথ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত আন আন অপৰাধী সকলকো গ্ৰেপ্তাৰ কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে। আনহাতে বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ কৰাত সমগ্ৰ বিশ্বনাথ ঘাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।