আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগ
৩১ জানুৱাৰী

শিৱসাগৰ কালুগাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা। শুকুৰবাৰে শিৱসাগৰ নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগত অৱস্থিত কালুগাঁৱত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। পথ দূৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক গোলাপজান আলী।

স্থানীয় সচেতন নাগৰিক সকলে ঐক্য সেনাৰ বিষয়া গৰাকীৰ আঘাত গুৰুতৰ হোৱাৰ বাবে ততাতৈয়াকৈ ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে লৈ যায় যদিও নিশা চিকিৎসাধীন অৱস্থাতে গোলাপজান আলী মৃত্যুক আকোৱালী ল’ব লগা হয়। গোলাপজান আলীৰ এই আকস্মিক মৃত্যুৰ খবৰ বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে সমগ্ৰ নামতি অঞ্চলৰ লগতে জিলাখনত শোকৰ ছাঁ পৰিছে। ঐক্য সেনাৰ প্ৰচাৰ বিভাগৰ দায়িত্বৰ উপৰিও গোলাপজান আলী বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িতহৈ অতি কম দিনৰ ভিতৰতে জনপ্ৰিয় হ’বলৈ সক্ষম হৈছিল।

গোলাপজান আলীৰ এই আকস্মিক মৃত্যুত নামতি অঞ্চলৰ লগতে ঐক্য সেনা শিৱসাগৰ জিলা সমিতিৰো এক বৃহৎ ক্ষতি বুলি সংগঠনটোৰ সম্পাদক ফৰিদ ইছলাম হাজৰীকাই শনিবাৰে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উল্লেখ কৰে।প্ৰয়াত গোলাপ জান আলিৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩৮ বছৰ। মৃত্যুৰ সময়ত তেখতে ইহসংসাৰত পত্নী আৰু দুজন কণমানী সন্তানৰ লগতে বহুতো আত্মীয়ক এৰিথৈ যায়।