আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

১ নৱেম্বৰ

চোৰাং পশুধন ভৰ্তি নাওঁ নহয়, এইবাৰ ভাৰত-বাংলাদেশ সীমান্তত জব্দ বিলাতী সুৰা ভৰ্তি নাওঁ। হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণৰ বিলাতী সুৰাসহ নাওঁ জব্দ। জলপথেৰে সুৰা সৰবৰাহৰ লগত জড়িত এজন লোকো আটক।

নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ নদী পথ সমূহে চোৰাং পশুধন সৰবৰাহ ব্যাপক হাৰত চলি থকাৰ মাজতে এইবাৰ নদী পথেৰে সুৰা সৰবৰাহৰ লগত জড়িত এজন লোক বৃহৎ পৰিমাণৰ সুৰাসহ আটক কৰিলে আৰক্ষীয়ে। শনিবাৰে নিশা হাটশিঙিমাৰীৰ সুখচৰ থানাৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই হাটশিঙিমাৰীৰ দেওয়ানেৰ আলগা ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰাসহ এখন যন্ত্ৰচালিত নাওঁ জব্দ কৰাৰ লগতে এগৰাকী সৰবৰাহকাৰীক আটক কৰে।

আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী জন দেওয়ানেৰ আলগা গাঁৱৰ বাসিন্দা ৰছিদ মণ্ডলৰ পুত্ৰ মুন্তাজ মণ্ডল বুলি আৰক্ষীয়ে জানিব দিয়ে। জব্দ কৰা ৬০ টা ৰয়েল ষ্টেগ আৰু ৪৮ টা অফিছাৰছ চইজৰ বিলাতী সুৰাৰ বটল বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে জব্দ কৰে বুলি জানিব পৰা গৈছে।