আব্দুল হক

নগৰবেৰা

১ নৱেম্বৰ

মিঞা সংগ্ৰহালয়ে এতিয়া কংগ্ৰেছীৰ মাজতে সৃষ্টি কৰিছে যুঁজৰ। মিঞা সংগ্ৰহালয়ৰ বিতৰ্ককলৈ কংগ্ৰেছ দলতে এতিয়া ভালকৈয়ে জমিছে বঙহৰ যুঁজ। মিঞা সংগ্ৰহালয় বিচাৰি সৰ্বত্ৰে বিতৰ্কত সোমাই পৰা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ সমষ্টিত এতিয়া কংগ্ৰেছ দলৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী মুৰ্দাবাদ ধ্বনি।

মিঞা সংগ্ৰহালয় নিৰ্মাণৰ বিষয়টোকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ মিঞা সংগ্ৰহালয়ৰ বিষয়টো কংগ্ৰেছ দলৰ ভিতৰতে সৃষ্টি কৰিছে যুঁজৰ। যোৰহাট জিলাৰ মৰীয়নি বিধানসভা সমষ্টিৰ বিধয়াক ৰূপজ্যোতি কুর্মীয়ে কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ বিষয়টোকলৈ নিজ দলৰে বিধয়াক শ্বেৰমান অলীক সমালোচনা কৰাৰ পিছতে এইবাৰ ৰূপজ্যোতি কুর্মীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে শ্বেৰমান আলীৰ সমষ্টিবাসী।

শণিবাৰে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি-মাজৰচৰত ৰূপজ্যোতি কুর্মী হায়-হায়, ৰূপজ্যোতি কুর্মী মূর্দাবাদ ধ্বনিৰে সাব্যস্ত হয় উত্তাল প্ৰতিবাদ। বাঘবৰ সমষ্টিবাসী তথা বিধায়ক শ্বেৰমান আলীৰ সমৰ্থক সকলে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে ৰূপজ্যোতি কুর্মীয়ে মিঞা সংগ্ৰহালয়ৰ বিষয়টোকলৈ দলৰ মজিয়াত আলোচনা কৰাৰ পৰিবৰ্তে চ’চিয়েল মিডিয়া কিম্বা ইলেক্ট্ৰনিক মাধ্যমত মুখ খুলিছে যিটো গ্ৰহণযোগ্য নহয়। বিধায়ক শ্বেৰমান আলীৰ সমৰ্থক সকলে ৰূপজ্যোতি কুৰ্মীক বিজেপি এজেণ্ট আখ্যা দি কয় যে মৰীয়নিৰ কংগ্ৰেছ বিধায়ক গৰাকীনগেৰুৱা দলৰ হৈ প্ৰচাৰত ব্যস্ত হৈ পৰিছে।

বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ সমৰ্থক সকলে শ্বেৰমান আলী অকলশৰীয়া নহয়, বিধায়ক শ্বেৰমান আলীৰ লগত ছাঁ’ৰ দৰে লাখ-লাখ বাঘবৰবাসী ৰাইজ আছে বুলিও মন্তব্য কৰে। শ্বেৰমান আলীৰ সমৰ্থক সকলে মৰীয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কংগ্ৰেছ দলৰ উচ্চ পৰ্যায়ত দাবী জনাইছে।