আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ 

১ নৱেম্বৰ

মুছলমানৰ দেহত গাহৰিৰ তেজ থকাৰ বিতৰ্কীত মন্তৰ্ব্য কৰা তৌফিকউদ্দিন আহমেদক সংখ্যালঘু উন্নয়ণ বৰ্ডৰ অধ্যক্ষৰ পদত নিযুক্তি দিয়াক লৈ শিৱসাগৰত ক্ষোভৰ জুই ৷ চহৰৰ মাজমজিয়াত প্ৰতিমুৰ্তি দাহেৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ উত্তাল প্ৰতিবাদ।

“বিজেপিৰ সভালৈ নহা মুছলমানৰ দেহত গাহৰিৰ তেজ আছে” বুলি ৰাজহুৱা সভাত মুকলিকৈ এই মন্তৰ্ব্য কৰি ৰাইজৰ ৰোষত পৰা বহু বিতৰ্কীত বিজেপিৰ পালিনেতা তৌফিকউদ্দিন আহমেদক ৰাজ্যৰ বিজেপি দলে শিৱসাগৰ জিলা বিজেপিৰ সংখ্যালঘু উন্নয়ণ বৰ্ডৰ অধ্যক্ষ নিযুক্তি দিয়াক লৈ এতিয়া শিৱসাগৰত জলিছে ক্ষোভ আৰু প্ৰতিবাদৰ জুই৷ এজন বহু বিতৰ্কীত বিজেপিৰ পালি নেতাক সংখ্যালঘু উন্নয়ণ বৰ্ডৰ অধক্ষ্যৰ দৰে গুৰু দায়িত্ব প্ৰদান কৰা কাণ্ডৰ বিৰুদ্ধে গৰজি উঠিছে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ লগতে বহু কেইটা জাতী-জনগোষ্ঠীয় দল সংগঠন৷ উজনি অসম মুছলিম কল্যাণ পৰিষদে শিৱসাগৰ চহৰৰ দলমুখ চাৰিআলিত দেওবাৰে মুছলমানকলৈ বিতৰ্কিত মন্তব্য কৰা তৌফিকউদ্দিন আহমেদ ওৰফে ৰণীৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে কিছু দিনৰ পুৰ্বে শিৱসাগৰ চহৰৰ যুৱদলত আয়োজিত এখন ৰাজহুৱা সভাত বিজেপিৰ সভালৈ নহা মুছলমানৰ দেহত গাহৰিৰ তেজ আছে বুলি বিস্ফোৰক মন্তৰ্ব্য কৰিছিল বিজেপি নেতা তৌফিকউদ্দিন আহমেদে। সম্প্ৰতি তৌফিকউদ্দিন আহমেদৰ এই বিস্ফোৰক মন্তৰ্ব্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাত শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰৰ তীব্ৰ সমালোচনা কৰি কয় যে মুছলমানক গালি পৰাৰ বাবে বিজেপি চৰকাৰখনে তৌফিকউদ্দিন আহমেদক পুৰস্কৃত কৰিছে। মুছলমানকলৈ বিতৰ্কিত মন্তব্য কৰা তৌফিকউদ্দিন আহমেদক বিজেপিৰ পৰা বহিস্কাৰ কৰাৰ বাবে উজনি অসম মুছলিম কল্যাণ পৰিষদে মুখ্যমন্ত্ৰীক পত্ৰ প্ৰদান কৰাৰ লগতে তৌফিকউদ্দিন আহমেদৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰা হৈছিল কিন্তু বিজেপি চৰকাৰখনে তৌফিকউদ্দিন আহমেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিবৰ্তে তৌফিকউদ্দিন আহমেদক পুৰস্কৃত কৰিলে বুলি ক্ষোভ উজাৰে উজনি অসম মুছলিম কল্যাণ পৰিষদে।