কুন্দন ভৰালী

নগাঁও

৯ ফেব্ৰুৱাৰী

বিদ্যালয় প্ৰদেশীকৰণৰ নামত শিক্ষা বিভাগৰ বিৰুদ্ধে ভেকুভাওনা কৰাৰ অভিযোগ শিক্ষকৰ। নগাঁৱত গঠন সদৌ অসম ন-প্ৰদেশীকৃত প্ৰাথমিক শিক্ষক সন্থা। চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ সদৌ অসম ন-প্ৰদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ।

ৰাজ্য চৰকাৰে অপ্ৰদেশীকৃত বিদ্যালয় প্ৰদেশীকৰণৰ নামত ভেকুভাওনা কৰাৰ অভিযোগ উত্থাপন কৰিছে পদ প্ৰদেশীকৃত শিক্ষকসকলে। মঙলবাৰে নগাঁৱৰ সাহিত্য সভা কমলা দেৱী তুদী ভৱনত নতুনকৈ প্ৰদেশীকৰণ হোৱা শিক্ষকসকলে এক সভাৰ আয়োজন কৰি গঠন কৰে সদৌ অসম ন-প্ৰদেশীকৃত প্ৰাথমিক শিক্ষক সন্থা। সভাত প্ৰদেশীকৰণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে শিক্ষকসকলে। শিক্ষা বিভাগে প্ৰদেশীকৰণত বিসংগতি কৰা বুলিও অভিযোগ উত্থাপন কৰে নতুনকৈ প্ৰদেশীকৰণ হোৱা শিক্ষক সকলে। পূৰ্বৰ বিদ্যালয়ৰ পৰিবৰ্তে বেলেগ বিদ্যালয়ত প্ৰদেশীকৰন হোৱা শিক্ষকসকলক নিযুক্তি দি পূৰ্বৰ বিদ্যালয় বিলীন কৰাৰ চৰকাৰে ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে শিক্ষকসকলে।

বছৰ বছৰ ধৰি শিক্ষাদান কৰি অহা পূৰ্বৰ বিদ্যালয়তে শিক্ষকসকলক নিযুক্তি দিবলৈ চৰকাৰক আহ্বান জনাইছে শিক্ষকসকলে। শিক্ষকসকলৰ দাবী পূৰণ নকৰিলে নৱ গঠিত ন-প্ৰদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।