গুৱাহাটী

৯ ফেব্ৰুৱাৰী

সোমবাৰৰ পৰা গুৱাহাটীৰ খানাপাৰৰ পশুধন পামত আৰম্ভ হৈছে পশুধন আৰু হাঁহ কুকুৰা মেলা ২০২১। পশুধন আৰু হাঁহ কুকুৰা মেলা আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে পশুপালন তথা কৃষি মন্ত্ৰী অতুল বৰাই। অহা ১০ ফেব্ৰুৱাৰীত সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

পশুধন আৰু হাঁহ কুকুৰা মেলা ২০২১ ৰ উদ্ধোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি পশুপালন তথা কৃষি মন্ত্ৰী অতুল বৰাই কয় যে , পশুপালন ক্ষেত্ৰখনে ৰাজ্যৰ উন্নয়নত প্ৰভূত বৰঙণি জগাই আহিছে, যোৱা দিন সমূহত যথেষ্ট পশুপালকৰ সৃষ্টিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে। পশুপালন তথা কৃষি মন্ত্ৰী অতুল বৰাই লগতে কয় যে , অৱহেলিত হৈ থকা বিভাগটোৱে বৰ্তমানৰ চৰকাৰৰ দিনত ন’ ৰূপ পাবলৈ সক্ষম হৈছে। পশুপালন বিভাগে গ্ৰহণ কৰা নতুন আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকলে উপকৃত হোৱাৰ পথ প্ৰশস্ত হৈছে ।অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ অসমৰ কৃষকে দখল কৰিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে পশুপালন তথা কৃষি মন্ত্ৰী অতুল বৰাই। উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে বিশিষ্ট অতিথিৰ ভাষণত কয় যে , কৃষি হৈছে আমাৰ ৰাজ্যখনৰ প্ৰাণ। শতবৰ্ষ গৰকা পশুপালন বিভাগটোৱে শেহতীয়াভাৱে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ লগতে অসম পশুধন নিগমে লকডাউনৰ সময়ছোৱাত গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে।গোস্বামীয়ে লগতে কয় যে, পশুপালনৰ জৰিয়তে স্বাৱলম্বিতা অৰ্জন কৰিব পাৰিলে যুৱক যুৱতীসকল আত্মসন্মানেৰে জীয়াই থাকিব পাৰিব। অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে, ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেত্ৰখনেই হ’ল পশুপালন। মনোজ শইকীয়াই লগতে নিগমৰ বহুকেইখন আঁচনিৰ গুৰুত্বপূৰ্ণ সফলতাৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে, বজাৰ দখল কৰাৰ লক্ষ্যৰে নিগমে ইতিমধ্যে আৰম্ভ কৰা ‘পথাৰো আমাৰ বজাৰো আমাৰ’ কাৰ্যসূচীৰ প্ৰতি যুৱক-যুৱতীসকলৰ ব্যাপক সঁহাৰিয়ে এই ক্ষেত্ৰখনত নতুন মাত্ৰা দিছে। যোৱা দিনসমূহত নিগমে ১৫ হাজাৰতকৈ অধিক যুৱক-যুৱতীক আত্মনির্ভৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধোধনী অনুষ্ঠানত পশুপালন বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথন, কৃষি বিভাগৰ আয়ুক্ত সচিব আকাশদ্বীপ, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ডঃ বিবেকানন্দ শইকীয়া, পশুপালন বিভাগৰ সঞ্চালক অশোক বৰ্মন উপস্থিত থাকে।

মেলা উপলক্ষে প্ৰদৰ্শনী দ্বাৰ মুকুলি কৰে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে।প্ৰদৰ্শনীত ১২৫ খনৰো অধিক বিপনিয়ে অংশগ্ৰহণ কৰিছে। প্ৰতি দিনে মেলাত কৃষকসকলৰ মাজত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। অহা ১০ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সামৰণি অনুষ্ঠানতেই জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ শ্ৰেষ্ঠ পশুপালক সকলক বঁটা প্ৰদান কৰা হ’ব। মেলাত বিভিন্ন প্ৰজাতিৰ পশুধন আৰু পক্ষীয়ে দৰ্শকক আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছে।