বৰহাট,২৭ আগষ্টঃ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত মিছাজানত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, বৰহাট মিছাজানৰ ৰায় মোহন দাসৰ পুত্ৰ অৰ্জুন দাস(২৬) যোৱাকালি বিয়লি বজাৰলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল। অৱশেষত আজি পুৱা ঘৰৰ সন্মুখৰ নলা এটাত পৰিয়ালৰ লোকে মৃতদেহটো প্ৰত্যক্ষ  কৰি চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে গোট খাই বৰহাট আৰক্ষী থানাত খবৰ দিয়ে। বৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপেন পাটৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালৰ লোকক সোধপোচ কৰি মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পৰিয়ালৰ লোকে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে।