দক্ষিণ শালমাৰা, ২৮ আগষ্টঃ দক্ষিণ শালমাৰাৰ আইৰকাটাত আৰক্ষীয়ে জিএনএলএৰ নামত ধন দাবী কৰা তিনিজন যুৱকক আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, দক্ষিণ শালমাৰাৰ আইতকাটাৰ এখন এল পি স্কুলৰ প্ৰধান শিক্ষকৰ পৰা যুৱককেইজনে ৫০ লাখ টকা দাবী কৰিছিল৷ দাবী কৰা ধন নিবলৈ অহাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই যুৱক কেইজনক গ্ৰেপ্তাৰ কৰে৷ আটকাধীন যুৱককেইজন ক্ৰমে আশ্ৰফুল ইছলাম, নজৰুল ইছলাম, আঁতৱাৰ ৰহমান বুলি জানিব পৰা গৈছে৷