মুস্তাক আহমেদ

জুৰীয়া

৩১ অক্টোবৰ

চৰ-চাপৰিত এতিয়া চলিছে ভূ-মাফিয়াৰ গুণ্ডাৰাজ। ভূ-মাফিয়াৰ দপদপনিয়ে নিদ্ৰা হৰিছে চৰ-চাপৰিবাসীৰ।
লাওঁখোৱা চৰ-চাপৰি আৰক্ষী থানা এলেকাৰ আৰিমাৰি চৰত ভূ-মাফিয়াক গ্ৰেপ্তাৰৰ দাবীত ৰাইজৰ কৰিলে প্ৰতিবাদ।

‌দীৰ্ঘদিন ধৰি নগাঁও জিলাৰ লাওখোৱা চৰ-চাপৰি অঞ্চলত ছমেদ আলী নামৰ এজন ভূ-মাফিয়াই গুণ্ডাৰাজ চলাই অহাৰ অভিযোগ উথাপিত হৈছে। ছমেদ আলী নামৰ ভূ-মাফিয়াজনে ৰাইজৰ পৰা গুণ্ডাকৰ লোৱাৰো এক গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। গুণ্ডাকৰ নিদিলে ৰাইজক ছমেদ আলীয়ে বিভিন্ন ধৰনে অত্যাচাৰ চলায় বুলিও একাংশই অভিযোগ কৰিছে। যোৱা ‍৯ অক্টোবৰৰ দিনা গুণ্ডাকৰ নিদিয়াৰ বাবেই ছমেদ আলী বাহিনীয়ে আৰিমাৰি চৰৰ ইব্ৰাহীম খলিল উল্লাহ নামৰ এজনক অপহৰণ কৰি ডেৰ লাখ টকা দাবী কৰিছিল আৰু পৰিপ্ৰেক্ষিতত ভুক্তভোগী খলিলে লাওখোৱা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।

শনিবাৰে লাওখোৱা চৰ-চাপৰি আৰক্ষী থানাৰ আৰক্ষীৰ দল এটা উক্ত ঘটনাৰ তদন্তৰ বাবে আৰিমাৰি চৰত উপস্থিত হোৱাৰ পিছতে আৰিমাৰি চৰৰ শতাধিক ৰাইজে ছমেদ আলীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।