আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৩১ অক্টোবৰ

শনিবাৰে দেশৰ প্ৰথম গৰাকী উপ প্ৰধানমন্ত্ৰী, প্ৰাক্তন গৃহমন্ত্ৰী, লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনে স্থানীয় বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় একতা দিৱস। ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

একতা দিৱস কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক ভাৰত শ্ৰেষ্ঠ ভাৰত হিচাপে গঢ়ি তুলি দেশক বিশ্বগুৰু আসনত উপবিষ্ট কৰিবলৈ সকলোকে আহ্বান জনায়।আৰক্ষী, চি আৰ পি এফৰ অভিবাদন গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ এক পৰ্যালোচনা সভাতো অংশ গ্ৰহণ কৰে।

শনিবাৰে সমগ্ৰ দেশৰ লগতে অসমতো দেশৰ প্ৰথম গৰাকী উপ প্ৰধানমন্ত্ৰী, প্ৰাক্তন গৃহমন্ত্ৰী, লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়।