ছয়গাঁও

১৯ অক্টোবৰ

ছয়গাঁও আৰক্ষীয়ে সোমবাৰে বিয়লি গৰৈমাৰীৰ সমীপৰ শিঙিমাৰী হাবীত এডাল কেকোঁ সাপসহ দুজন লোকক আটক কৰে৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা অভিযানত আৰক্ষীয়ে লোক দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা এডাল মূল্যৱান কেকোঁ সাপ উদ্ধাৰ কৰে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে শিঙিমাৰী হাবীৰ জোৰান আলী আৰু জামাত আলী নামৰ লোক দুজনে এএছ-০১-এভি-০১৬৮ নম্বৰৰ মটৰ চাইকেলেৰে এডাল কেকোঁ সাপ বিক্ৰীৰ বাবে লৈ যোৱাৰ বিষয়ে খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ খবৰ লাভ কৰাৰ পিছতে লগে লগে ছয়গাঁও থানাৰ আৰক্ষীৰ দলটো লোক দুজনৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰু দুয়োজনে গৰৈমাৰী ছয়গাঁও পথেৰে গৈ থকা সময়ত পুখুৰীপাৰত আৰক্ষীয়ে দুয়োকে আটক কৰে। জানিব পৰা মতে লোক দুজনে ওচৰৰ পাহাৰৰ পৰা ধৰি অনা মূল্যৱান কেকোঁ সাপডাল তিনি লক্ষ টকাত বিক্ৰী কৰিবলৈ যোৱাৰ পথত আৰক্ষীৰ হাতত আটক হয়৷ আনহাতে জামাত আলী নামৰ লোকজনৰ পৰা তীৰ খেলৰ কিছু সা-সামগ্ৰীও আৰক্ষীয়ে জব্দ কৰে৷ কেকোঁ সাপডাল আৰক্ষীয়ে বন বিভাগক চমজাই দিয়াৰ বিপৰীতে ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰিছে৷

উল্লেখ্য যে শনিবাৰে নিশাও বন বিভাগে কলিয়াবৰৰ নলতলিত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কেঁকো সাপসহ পাঁচজন সৰবৰাহকাৰীক আটক কৰিছিল। বন বিভাগে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কেঁকো সাপসহ সৰবৰাহকাৰী কেইজনক আটক কৰিছিল। অৱশ্যে সৰবৰাহকাৰী কেইজন কেঁকো সাপ ক’ৰ amisil আৰু ক’ত নিয়াৰ প্ৰস্তুতি চলাই আছিল সেই সম্পৰ্কে কোনো তথ্য লাভ কৰিব পৰা নগ’ল।