আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৯ অক্টোবৰ

শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত দেওবাৰে জিলাখনৰ বিভিন্ন অঞ্চলৰ সামাজিক অনুষ্ঠানৰ সৈতে জড়িত থকা ৫১৭ গৰাকী যুৱক-যুৱতী, পুৰুষ-মহিলাই ঐক্য সেনা অসম নামৰ সংগঠনটোত যোগদান কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত বৃহৎ যোগদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট লোক শিল্পী কমলা গগৈক বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ ৰূপম সোণোৱাল, জিলা সমিতিৰ বাবলু বেনেট, ৰাজীৱ গগৈ, মীৰাণ আলী, নৱ চাংমাই, ৰেকিবুদ্দিন আহমেদ, জেষ্ঠ সাংবাদিক ভৈৰৱ মুণ্ডাকে আদি কৰি ভালে কেই গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণি বন্দেমাতৰমেৰে শুভাৰম্ভ কৰি দলীয় কোৰাচ পৰিবেশন কৰাৰ লগতে ফৰিদা জাহানে ভূপেন্দ্ৰ সংগীত আৰু শিৱসাগৰ জুনিয়ৰ কলেজৰ প্ৰবক্তা ৰজিবী বৰাই স্বলিখিত সংগ্ৰামী কবিতা আবৃত্তি কৰে।

শিৱসাগৰ জিলাৰ শিমলুগুৰি, নাজিৰা, চেঙেলীবাৰী, জেঙনীকটীয়া, আমগুৰি ঘাট, ন-আলি, ধাই আলি, বানমুখ, বাঢ়ৈটিং আদি বিভিন্ন স্থানৰ পৰা অহা যুৱক-যুৱতী, পুৰুষ-মহিলাই ঐক্য সেনা অসমত যোগদান কৰে।