ফজলুৰ ৰহমান

সোণতলী

২০ অক্টোবৰ

দক্ষিণ কামৰূপৰ কানহাৰাত ভয়ানক পথ দুৰ্ঘটনা। ট্ৰেভেলাৰৰ খুন্দাত নিহত ৪ বছৰীয়া শিশু। ঘটনাস্থলীত উপস্থিত গৰৈমাৰী আৰক্ষী।

দক্ষিণ কামৰূপৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত কানহাৰাত মঙলবাৰে সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এটি ৪ বছৰীয়া শিশু। জানিব পৰা মতে গুৱাহাটীৰ পৰা বকোৰ সোনতলী অভিমুখে গৈ থকা এএছ-২৫-বিচি-৬৯৪৫ নম্বৰৰ ট্ৰেভেলাৰ এখনে কানহাৰাত নিয়ন্ত্ৰণ হাৰুৱাই এটি শিশুক খুন্দা মৰাত থিতাতে শিশুটি নিহত হয়। নিহত শিশুটি গৰৈমাৰীৰ কানহাৰা গাঁৱৰ মৈজুদ্দিনৰ পুত্ৰ কদম আলী বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈছে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেভেলাৰখন চালক জোৰশিমুলী আৰক্ষী চকীত ট্ৰেভেলাৰখনলৈ আত্মসমৰ্পণ কৰে। ট্ৰেভেলাৰখনৰ চালক দুলাল আলী সম্প্ৰতি জোৰশিমুলী আৰক্ষীৰ জিম্মাত আছে।