গুৱাহাটী, সংবাদ  ৩৬৫, ২৩ মাৰ্চ : সাংস্কৃতিক মহাসভা , অসমৰ তৰফৰ পৰা শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত কেইবাজনো শিল্পী-সাহিত্যিকক জীৱনজোৰা সাধনা বঁটা আৰু বিশেষ সম্বৰ্ধনা বঁটাৰে সন্মানিত কৰে।

ৰাজ্যিক সভাপতিৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰ আসনত থাকে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মোছাহাৰী।

সাংস্কৃতিক জগতক চহকী কৰি তোলা জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাক “গীতৰত্ন’, জুৱলি বৰুৱাক “সংগীত কুঁৱৰী”, বিপিন চাউদাংক ” সংগীত সৌৰভ”, নীল আকাশক ” সংগীত কোঁৱৰ”, বিশিষ্ট হাস্যৰসিক, অভিনেতা সিদ্ধাৰ্থ শৰ্মাক “ৰসৰত্ন” উপাধিৰে বঁটা প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে চতুৰ্থ বাৰৰ বাবে প্ৰদান কৰা হৈছে এই ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান। ২০০৯ চনত আৰম্ভ কৰা হৈছিল এই সাংস্কৃতিক মহাসভাৰ। সাংস্কৃতিক মহাসভা অসমৰ সম্পাদক ত্ৰলোক্য দত্তই সংবাদ মাধ্যমৰ আগত কয় যে এইধৰণৰ বঁটা প্ৰদানৰ দ্বাৰা সাংস্কৃতিক জগতখনক চহকী কৰাৰ পথ বলিষ্ঠভাৱে আগবঢ়াই লৈ যাব।