দৰং, সংবাদ ৩৬৫, ১৭ এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে দৰঙৰ প্ৰায় পাঁচ শতাধিক ভোটাৰে। স্থায়ীভাৱে বসবাস কৰি অহা গাওঁখনৰ ভোটাৰ তালিকাত নাম নথকাৰ বাবে আতংকিত হৈছে ভোটাৰসকল । বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ বাবে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে অঞ্চলখনৰ ভোটাৰসকলে।

জানিব পৰা মতে দলগাওঁ সমষ্টিৰ অন্তৰ্গত ৫নং বৰুৱাঝাৰ গাঁৱৰ ৫ শতাধিক ভোটাৰে দলগাও খুটি গাঁৱৰ ভোট কেন্দ্ৰত বছৰ বছৰ ধৰি ভোটদান কৰি আহিছে যদিও এইবাৰ লোকসভা নিৰ্বাচনৰ ভোটাৰ তালিকাত খুটিগাওঁৰ পৰিৱৰ্তে আন এখন গাঁৱৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত এক চাঞ্চল্যৰ সৃষ্টি হৈছে।

আনহাতে বছৰ বছৰ ধৰি ভোট দিয়াৰ পিচতো নতুনকৈ ওলোৱা ভোটাৰ তালিকাত কিছুমান ভোটাৰৰ বিপৰীতে ”ডিলিটেড”বুলি লিখা আছে। ইত্তেহাত ফ্ৰন্ট অসমৰ সাধাৰণ সম্পাদক নুৰ ইছলামে কয় যে সংখ্যালঘু লোকসকলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ চৰকাৰৰ এয়া এক ষড়যন্ত্ৰহে ।

নিৰক্ষৰ তথা ভাৰতীয় নাগৰিকক পাক চক্ৰত পেলাই চৰকাৰে সিহঁতক শোষণ কৰি আছে, গতিকে ইয়াৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী তুলিছে ইত্তেহাত ফ্ৰন্টৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম সংখ্যালঘূ জাতীয় পৰিষদৰ দৰঙ জিলা সমিতিয়ে।