যোৰহাট, ২০ আগষ্টঃ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেশৰ স্বাধীনতা যুঁজত প্ৰাণ আহুতি দিয়া বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ আত্মবলিদানক যোৰহাটবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। পূৰ্ণ স্বাধীনতাৰ বাবে সৰ্বপ্ৰথমে আৱাজ বুলন্দ কৰা জমিয়ত উলামা ই হিন্দৰ ইতিহাস তথা ৫৭ হাজাৰ উলামাৰ শ্বহীদক সন্মান যাচি দেশত বিৰাজ কৰা হিংসা বিদ্বেষৰ বিৰুদ্ধে যোৰহাট জিলা জমিয়ত উলামাৰ উদ্যোগত এক শান্তি সমদল উলিওৱা হয়। শান্তি সমদলটো যোৰহাট চেন্ট্ৰেল ক্লাৱৰ পৰা ওলাই গড় আলি হৈ পুনৰ চেন্ট্ৰেল ক্লাৱতে সামৰণি হয়। এই শান্তি সমদলত বিভিন্ন গণতান্ত্ৰিক দল সংগঠন আৰু স্থানীয় ব্যক্তিয়ে অংশগ্ৰহণ কৰে।